পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০/ওভতনি যাত্ৰা
 


পীড়া দিছে। তথাপি নিজকে সংযত কৰি, বিনয়ী হৈ তেওঁক কৈছোঁ,— “নাই নিৰ্মিতা, মোৰ হাতত বেলেগে আৰু এটাও পইচা নাই।'

 কোম্পানিৰ কামত এদিন কলকাতালৈ গৈছোঁ। সময় উলিয়াই কলেজ ষ্ট্ৰিটৰ শাৰী শাৰী কিতাপৰ দোকানৰ মাজে মাজে কিতাপ চাই ফুৰিছোঁ। বোডলেয়াৰৰ কবিতা, আস, কিমান দিন যে কবিতা পঢ়া নাই! হুইটমেন, শংখ ঘোষ, নিকানোৰ পাৰ্‌ৰা! সেই কলেজীয়া দিনতে পঢ়া জীবনানন্দৰ কবিতা, - হাজাৰ বছৰ ধৰে আমি পথ হাটিতেছি পৃথিৱীৰ পথে, সিংহল সমুদ্ৰ খেকে নিশীথেৰ অন্ধকাৰে মালয় সাগৰে—।

 মোৰ হঠাৎ সাগৰ চাবলৈ মন গ'ল। দীঘাৰ সাগৰ। টেক্সি এখন ৰখাবলৈ মোৰ সোঁহাতখন স্বয়ংক্ৰিয়ভাৱে ওপৰলৈ উঠিছে আৰু পাছ মুহূৰ্ততে টেক্সিখন মোৰ গা ছোওঁ-নোছোওঁকৈ ৰখাই পাঞ্জাবী টেক্সিচালকজনে সুধিছে,—“বোলিয়ে চাহাব, কাহাঁ জানা হায়?”

 কিন্তু নিৰ্মিতা কাষত নাথাকিলে মই দীঘাত কি কৰিম? মোৰ বুকুৰ ভিতৰত যি তৰংগ উঠিব, সেই তৰংগৰ শব্দ মই কাক শুনাম?

 পাঞ্জাবী টেক্সিচালকজনৰ ওচৰত অমায়িকভাৱে দুখ প্ৰকাশ কৰি কৈছোঁ,— ওহোঁ, মোৰ ভুল হৈছে; মই ক'লৈকো নাযাওঁ।

 মই জানো, এইকণ আবেগৰ কোনো মূল্য নাই। তথাপি নিৰ্মিতাৰ কাৰণে কোনেও নজনাকৈ, আনকি তাইৰো অলক্ষিতে মই এৰি থৈ আহিছোঁ ডায়মণ্ড হাৰ্বাৰ আৰু দীঘাৰ প্ৰলোভন। তাৰ সলনি নিৰ্মিতাৰ কাৰণে গড়িয়াহাটৰপৰা দুখন বালুচৰী শাৰী কিনি আনিছোঁ। কিন্তু সেই সন্দেহী আত্মাই সিমানতো সন্তুষ্ট হ’ব পৰা নাই। শাৰীৰ পেকেট দুটা লিৰিকি-বিদাৰি, মোৰ চকুলৈ চাই তেওঁ লাহেকৈ সুধিছে, “এয়াৰপ'ৰ্টৰপৰা তুমি পোনে পোনে আহিছা নে জালুকবাৰীত পেহীহঁতৰ ঘৰত সোমাই আহিছা? তুমিতো দুঘণ্টা আগতেই পাবহি লাগিছিল? নে পলিহঁতৰ কাৰণেও এসোপামান টকা খৰচ কৰিছা?”

 সন্দেহ আৰু প্ৰশ্নৰ আতিশয্যত কেতিয়াবা সঁচা কথাষাৰ কওঁতেও মোৰ আউল লাগি যায়। মাতটো থোকাথুকি হয়। মই কোনোদিনেই নকৰা সত্ত্বেও সেই মুহূৰ্তত মোৰ নিজকে ভুল কাম এটা কৰি উঠা অপৰাধী যেন লাগে।

 অৱশ্যে যোৱা তিনিটা মাহত অৱস্থাৰ যথেষ্ট পৰিবৰ্তন ঘটিছে। মই স্বেচ্ছাই ভুল কৰিবলৈ আৰম্ভ কৰিছোঁ। কাষৰ ফ্লেটটোলৈ নতুনকৈ অহা শৰ্বৰী আচাৰ্যই জীৱনৰ অৰ্থ বুজিবলৈ মোক যেন নতুন অভিধান এখন দিছে। আৰু মোৰ এই আঠত্ৰিছ বছৰ বয়সত, মোৰ বৈবাহিক জীৱনৰ সাতোটা বছৰ পাছত মই সেই অভিধান