পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


বিশ্বাসৰ এদিন

 বাৰাণ্ডাৰ খুঁটা এটাত ওলমাই থোৱা এখন আৰ্চী, কাষৰ ওখ টুল এখনত এমগ কুহুমীয়া পানী, এপাট ৰেজৰ আৰু ফেনেৰে ওফন্দি থকা ব্ৰাছ এটাৰে মই যিখন মুখৰ পৰিচৰ্যা কৰিবলৈ লৈছোঁ, সেইখনৰ গৰাকী যে ময়েই সেইকথা এক মুহূৰ্তৰ কাৰণে যেন বিশ্বাস কৰিবলৈ টান লাগিছে। আৰ্চীখনত যেন এজন ফাঁকিবাজ অথচ ধৰা পৰি যাব পৰা অসহায় মুখৰ প্ৰতিবিম্ব দেখা গৈছে।

 তথাপি এযোৰ সপ্ৰতিভ চকু আৰু অ’ল্ড স্পাইছৰ ফেনিল ৰাজত্বক ভ্ৰূক্ষেপ নকৰা মোৰ বিশ্বস্ত গোঁফকোছাৰ মাজত মই মোৰ হেৰাই যাবলৈ ধৰা ব্যক্তিত্ব উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি-কৰি ভাবিছোঁ,— শৰ্বৰীৰ কথাই সঁচা,—মানুহ সদায় নতুন হৈ থাকিব লাগে; আগনিশাৰ ঘামৰ গোন্ধে আমনি কৰিব নোৱৰাকৈ গা-পা ধুই, উপলক্ষ্য আৰু বতৰ অনুসৰি এসাজ কাপোৰ পিন্ধি ৰাতিপুৱাটো আৰম্ভ কৰিব লাগে। এনেকুৱা কৰিলে গা-মন ভালে থাকে। নতুন কিবা এটা কৰিবলৈ মনলৈ এটা উদ্যম আহে। একধৰণৰ শক্তি ক'ৰবাৰপৰা আহি যেন শৰীৰটোত থূপ খায়।

 মাথোন পোন্ধৰটা দিনৰ আগলৈকে মই অলপ জধলা হৈ থাকিবলৈ ভাল পাইছিলো। পেণ্টৰ বেল্টডাল দেখা নোযোৱাকৈ মোৰ চোলাৰ তলৰ অংশ ওলমি থাকিছিল। কোট এটা পিন্ধাৰ কথাতো বাদেই, পোছাকৰ ইস্ত্ৰি আৰু জোতাৰ পলিছ সম্পৰ্কেও মই আছিলো তেনেই উদাসীন। সেইবুলি মই যে দাঢ়িয়ে-চুলিয়ে ভোবোকাৰ আৰু সংসাৰৰ মায়া-মোহৰ প্ৰতি নিজকে সম্পূৰ্ণ নিস্পৃহ বুলি ধাৰণা দিব খুজিছিলো, তেনেকুৱাও নহয়। বস্তুতঃ মোৰ কোম্পানিৰ চাকৰিটোৱে মোক সিমান স্বাধীনতা নিদিয়েই।

 আন নহ'লেও মোৰ ভৰিৰ গোৰোহাৰ ফটা অংশত বহুদিন গ্লিচাৰিন ঘহিছোঁ; কোনোবা এটা দেওবাৰে চুলিত ৰং সানিছোঁ আৰু অনেক নিমন্ত্ৰণী অনুষ্ঠানত নিজকে এজন ভদ্ৰলোক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। সদায় নহ'লেও সপ্তাহত দুদিন মোৰ গাল দুখনত ব্লেডৰ সংস্পৰ্শ ঘটিছে, আফটাৰ শ্বেভ ল’শ্যনৰ ছিটিকনি পৰিছে। কিন্তু সপ্তাহটোৰ বাকী দিনকেইটাত মই যেন অলপ ৰুক্ষ,