“সঁচা ক’বলৈ গ’লৈ মই ছালমান খানৰ অভিনয় বেয়াই পাওঁ। আনহাতে খাদ্য সম্পৰ্কে মোৰ কোনো আপত্তি নাই; অৱশ্যে পায়স, মাংস আৰু ফুলা ফুলা লুচি দেখিলে লোভ লাগে। সংগীতৰ ভিতৰত ছফট মিউজিক বা লাইট ক্লাছিকেল হ’লে শুনি থাকিব পাৰোঁ। কিন্তু কান্ট্ৰি ছং কোনবিলাকক কয়, মই তাকেই নাজানো।”
মোৰ কথাখিনি শুনি থাকোঁতেই বোধহয় তাই অন্যমনস্ক হৈ পৰিল। তাইৰ চৌপাশৰ দৃশ্যপটলৈ এটা উদগ্ৰীৱ দৃষ্টিৰে চাই তাই যেন অলপ বিমৰ্ষ হৈ পৰিল। তাৰ পাছত, এটা বিৰক্তিসূচক অভিব্যক্তি প্ৰকাশ কৰিবলৈ মুখৰ ভিতৰতে তাই এটা শব্দ অস্পষ্টকৈ উচ্চাৰণ কৰিলে,—“ব’ৰিং।”
“কি ক’লে?”—নিশ্চিত হ’বলৈ মই সুধিলো।
“নাই, আপোনাক কোৱা নাই। এই অনাময়ডালে ইমানযে পলম কৰিছে, ৰাবিশ্ব। এনেকৈ ৰৈ থাকিবলৈ একদম ভাল নালাগে বুজিছে?”
সিদিনা অনাময় নাহিল। তাৰ দুদিন পাছত,—পৰহি,——নয়নাই মোৰ আগত ঘোষণা
কৰিলে যে তাই আৰু অনাময়ৰ কাৰণে নৰয়। কেতিয়াও নৰয়। কথাবোৰ তাই নতুনকৈ
ভাবি চাইছে। তাই কৈছে, “সদায় এইবোৰ সহ্য কৰি থাকিব নোৱাৰি। মই তেওঁক
টেলিফোনত জনাই দিছোঁ। আপুনি মোৰ কথা বুজিব। সিদিনাযে আপুনি মোক প্ৰ’পজ
কৰিছিল, মই কিন্তু ৰাজী আছোঁ।”
“কিন্তু পপ ছং আৰু চয়াবিন-স্কোৱাছৰ কি হ’ব?”
“সেইবোৰেৰে এনেয়েও সংসাৰ নচলে। খাপ খুৱাইহে চলিব লাগে! ময়ো ক্লাছিকেল মিউজিক শুনিবলৈ চেষ্টা কৰিম। চয়াবিন আৰু স্কোৱাছ খাম।”
“বৰ ভাল কথা। ময়ো আপোনাক শ্বাংহাই ৰেষ্টুৰেণ্টত চিকেন চাও খুৱাম। ছালমান খানৰ ছিনেমা চাই চাই আপোনাৰ কাষত বহি থাকিম।”
“ধন্যবাদ। তেনেহ'লে পৰহিলৈ চাৰে চাৰি বজাত লগ পাম?”
“ক’ত?”
“ইয়াতেই।”
সময় দিয়ামতে মই মহামায়াৰ সমুখৰ পদপথত থিয় হৈ আছোঁ। চাৰি বাজি পঞ্চলিছ
মিনিট গৈছে, পাঁচ বাজিছে; চিনাকি-অচিনাকি অনেক মানুহ ৰাস্তটোৰে পাৰ হৈ গৈছে,
পাঁচ বাজি পোন্ধৰ মিনিট গৈছে, একপ্ৰকাৰ অস্বস্তি, শিৱাংগীৰ কথা মনত পৰিছে, পেনছিল
হিলৰ শব্দ এটা কাণত পৰিছে, নয়না নেকি– নহয়, অইন কোনোবা, ময়ূৰ কাকতি চাহ