— হঠাৎ যেন সেইবোৰ নোহোৱা হৈ গৈছে। এতিয়া যেন অভিমানৰ বাবেও আহৰি
নাই, অপেক্ষাৰো অৱকাশ নাই। এতিয়া টেলিফোন নামৰ যন্ত্ৰ এটাৰ দুই প্ৰান্তত আৱেগ-
অনুভূতিহীন হৈ দুটা মানুহে যন্ত্ৰৰ দৰে কথা পাতে, খবৰ লয়, হায় হেল’ কৰে। টেলিভিছন
নামৰ বাকচ এটাৰ সমুখত নিশ্চল হৈ ঘণ্টাৰ পাছত ঘণ্টা বহি থাকে। নিজাকৈ চিন্তা
কৰিবলৈ, নিজাববীয়াকৈ একোটা সিদ্ধান্ত ল'বলৈ তেওঁলোক যেন অপাৰগ।
নয়নাক কথাষাৰ পোনে-পোনে ক’ব লাগিব। সেই মহামায়াৰ সমুখৰ পদপথৰ ওপৰত থিয় হৈয়েই তাইক এদিন ক’ব লাগিব, — চোৱা নয়না, এই অনাময়-চনাময় বাদ দিয়া, মই তোমাক প্ৰ’পজ কৰিলো, সেই মানুহটোৱে তোমাক ঠিকমতে সময় দিব নোৱাৰে, মোৰ তোমাক ভাল লাগিছে, বিয়া কৰাবলৈ মন গৈছে, মই অমুক অফিছত পুৱা দহ বজাৰ পৰা আবেলি চাৰি বজালৈকে চাকৰি কৰোঁ, মোৰ দৰমহা এতিয়া ইমান, দুমাহ পাছত ইনক্ৰিমেণ্ট হ’ব, তুমি কি কোৱা?
হয়, সেই কথাখিনিকে সামান্য ইফাল-সিফাল কৰি এদিন সঁচাকৈয়ে তাইক কৈ পেলালো। যিখন হাতেৰে তাই মোৰ গালত এটা পূৰ্ণহতীয়া চৰ মাৰিব পাৰিলেহেঁতেন সেইখন হাতত আছিল ভৰালী ব্ৰাদাৰ্ছৰ পৰা কিনা এটা কেছেটৰ পেকেট। আনখন হাতেৰে তাই কপালত পৰি থকা চুলিকোছা আঁতৰাবলৈ এটা বৃথা চেষ্টা কৰিলে, তাৰ পাছত সামান্য হাঁহি তাই ক’লে,—“নহ’ব। আপুনি দুমাহমান পলম কৰিলে।”
যেন ক’তো অকণো অন্যায় হোৱা নাই! তেনেই স্বাভাৱিকভাৱে যেন ছেলছমেন এজনে মই বিচৰা ধৰণৰ জোতা এযোৰ দিব নোৱাৰি ক'লে,— “নাই, ষ্টক নিল, আপুনি দুদিন পলম কৰিলে, অহা সপ্তাহত এবাৰ খবৰ কৰক।”
মই সামান্য ব্যথিত হৈছোঁ। মোৰ অংক মিলা নাই। কিন্তু মইযে জানি-শুনিয়েই নিমিলা অংকটো পাতি চেষ্টা কৰি আছিলো, সেইকথা ভাবি নিজকে সান্ত্বনা দিছোঁ। তাইৰ লগত আকৌ সহজ হ’বলৈ চেষ্টা কৰিছোঁ।
“কেছেট কিনিলে?”
“অঁ। সুখবিন্দৰ সিঙৰ ভাঙৰা-পপ। অনাময়ে ভাল পায়, ময়ো ভাল পাওঁ।”
“আপোনালোকৰ ৰুচি-অভিৰুচিৰো মিল আছে!”
“বহুত। আমি দুয়ো কাণ্ট্ৰি ছং শুনো, পপ শুনো, ছালমান খানৰ অভিনয় ভাল পাওঁ, শ্বাংহাই ৰেষ্টুৰেণ্টৰ চিকেন চাও আমাৰ দুয়োৰে ফেভাৰেট আৰু আপুনি বিশ্বাস কৰিবনে, —আমাৰ দুয়োৰে চয়াবিন, স্কোৱাছ, পনিৰ আৰু পাউৰুটী সাংঘাতিক অপছন্দ।”
“বাঃ, ভালেই।”
“আপোনাৰ?”