পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকণ্ঠিত হৈ

 কোনে কেতিয়া কিয় কাৰোবালৈ ক'ৰবাত অপেক্ষা কৰি থাকে, সি এক ৰহস্য। এই ৰৈ থকা মানুহবোৰ আৰু তেওঁলোকে লগ পাবলগীয়া মানুহবোৰ যিমানেই বিচিত্ৰ নহওক কিয়, গোটেই কাৰবাৰটোত সকলোৰে ক্ষেত্ৰতে কিবা এক অদ্ভুত সাদৃশ্য থাকে। আবেলি চাৰে চাৰি বজাত আপোনাক তুলি নিবলৈ গাড়ী এখন আহি পোৱাৰ কথা আছিল, আগতে কৈ থোৱা মতে আপুনি জালুকবাৰী চাৰিআলিত থিয় হৈ আছে, ঘড়ীত পাঁচ বাজি দহ মিনিট গৈছে, উৎকণ্ঠাত আপুনি ইফাল-সিফাল কৰিছে, ছয় বজাত আপুনি ৰঙিয়া পাবগৈ লাগিছিল, মালিগাঁৱৰ ফালৰপৰা অহা প্ৰতিখন গাড়ীৰ ৰং আৰু নম্বৰপ্লেটলৈ চাইছে, প্ৰতিটো হৰ্ণৰ শব্দত আপুনি সচকিত হৈ উঠিছে; নাই! এবাৰ এখন গাড়ীয়ে হয়তো গতিবেগ কমাই আপোনাৰ নিচেই কাষতে ৰওঁ ৰওঁ কৰিছিল, কিন্তু সেইখনো নহয়। ছেঃ!

 এনেকুৱা হয়েই। মই কিমানবাৰ এনেকুৱা অপেক্ষাৰ চিকাৰ হৈছোঁ তাৰ হিচাপে মই হেৰুৱাই পেলাইছোঁ।

 নিজৰ জেপৰ পইচাৰে বেলকনিৰ তিনিটা টিকেট কাটি ছিনেমা হলৰ বাৰাণ্ডাত বন্ধু দুজনলৈ ৰৈ আছোঁ, শ্ব’ আৰম্ভ হৈ গৈছে, সিহঁত দুটাৰ খবৰেই নাই! কি কৰোঁ এতিয়া? গেটকিপাৰক মোৰ সমস্যাটো বুজাই দি নিজৰ আসনত বহি থাকোগৈ নে কাউণ্টাৰৰ ওচৰত ৰৈ থকা অইন গ্ৰাহকক টিকেট তিনিটা বিক্ৰি কৰি ঘৰলৈ উভতি যাওঁ? খং উঠে। ভীষণ ধৈৰ্যচ্যুতি ঘটে। পাছত খবৰ লৈ গম পাওঁ যে এজনৰ সঁচাকৈয়ে অসুবিধা হৈছিল, আনজনৰ হেনো দুপৰীয়াৰ ভাতসাঁজ খাই কিবা এটা এলাহ লাগিল।

 এফালে ওলাই যাবলগীয়া আছিল, কিন্তু গাখীৰ দিয়া গুৱালটো আহি পোৱাহি নাই; ছছপেনটো ক'ৰবাত উলিয়াই থৈ যাব পাৰোঁনে? গতিকে ৰৈ থাকক।

 এসময়ত তিনিৰ পৰা চাৰে তিনিবজাৰ ভিতৰত শ্বেখ ব্ৰাদাৰ্ছ নামৰ দোকানখনৰ সন্মুখত শিৱাংগীয়ে মোক ৰৈ থাকিবলৈ কৈছিল, কিন্তু চাৰে তিনি বাজি গ'ল বুলিয়েই মই তাৰ পৰা আঁতৰি আহিব পাৰোঁনে? কিজানি ছিটিবাছখন ট্ৰেফিকজামত ফচি গ'ল! কিজানি কোনোবা আলহীক বহুৱাই চাহ দুকাপ কৰিবলগীয়া হ'ল! হ’বওতো পাৰে!