পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকণ্ঠিত হৈ /৪৫
 


সেইবোৰ দিনত ৰৈ থকাটো মোৰ বাবে এটা এৰাব নোৱৰা নিচাৰ দৰে হৈ পৰিছিল। আৰু এতিয়া?

 এতিয়া মই অফিছ ছুটীৰ পাছত পাণবজাৰৰ মহামায়া ৰেষ্টুৰেণ্টৰ এচুকত বহি নিশ্চিন্তমনে পদপথৰ মানুহবোৰলৈ চাওঁ, বাহিৰখনৰ ব্যস্ততালৈ চাওঁ, টেবুলত দি থৈ যোৱা চাহগিলাচত এনে তৃপ্তিত শোহা একোটা মাৰোঁ যেন সেয়া চাহ নহয়, অমৃত! ময়ূৰ কাকতি আহে, পদপথত থিয় হৈ কাৰোবালৈ ৰয়, চাহ এগিলাচ খায়, তাৰ পাছত মোলৈ চাই সম্ভাষণৰ হাঁহি এটা মাৰি গুচি যায়। কিশোৰদা ‘টাইমছ অৱ ইণ্ডিয়া’খন লৈ মহামায়াৰ চাৰিআলিৰ দাঁতিত এখন্তেক থিয় হয়, হয়তো এনেয়ে, তাৰ পাছত ছিগাৰেট এটা জ্বলাই লাহে লাহে আঁতৰি যায়। অসংখ্য মানুহ আহে, কলেজৰ ছাত্ৰ-ছাত্ৰী আহে। আলোচনী কিনিবলৈ আহে, আহি কিছুসময় ৰয়। হয়তো এনেয়ে ৰয়, কিন্তু এনেকুৱা লাগে যেন কাৰোবালৈ ৰয়।

 এই সকলোবোৰতে মোক আমোদ দিব পৰাকৈ একো একোটা উপাদান থাকে। নিৰপেক্ষ দৰ্শকৰ দৰে মই যেন গেলেৰিত বহি প্ৰতিটো দলৰ আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ প্ৰশংসা কৰোঁ, প্ৰতিজন খেলুৱৈৰ নৈপুণ্যত মনে মনে পুলকিত হওঁ। মোৰ আন কোনো ভূমিকা নাথাকে। মই মাথোন মহামায়া ৰেষ্টুৰেণ্টৰ এচুকত বহি মানুহৰ অহা-যোৱা চাওঁ, মানুহৰ ৰৈ থকা চাওঁ।

 কিন্তু এদিন, হঠাতে অহা এজাক বৰষুণৰ পৰা হাত সাৰিবলৈ মহামায়াৰ বাহিৰৰ পদপথত ৰৈ থকা, সাতাইছ-আঠাইছৰ ওচৰ চপা ছোৱালী এজনী লৰালৰিকৈ দোকানখনৰ ভিতৰত সোমাল। আৰু মই প্ৰায় বুৰ্বকৰ দৰে তাইক কৈ পেলালো,— “মই আগতেও আপোনাক এইখিনিতে কেইবাদিনো ৰৈ থকা দেখিছোঁ।”

 তাই অকণ বিব্ৰত হ’ল। বিব্ৰত হওঁতে তাইৰ মুখখন অলপ কমনীয় হৈ উঠিল। সেই কমনীয়তা মোৰ ভাল লাগিল। এনেকুৱা লাগিল যেন শিৱাংগীক পাহৰি থাকিবলৈ মোক এনে এক কমনীয়তাৰ দৰকাৰ।

 তাই একো নক’লে। নাহাঁহিলেও। মুঠতে তাই অকণো ভদ্ৰতা নেদেখুৱালে। বৰষুণ কমিছিল। পেনছিল হিলৰ খট খট শব্দ কৰি তাই নাগকটা পুখুৰীৰ পাৰৰ ৰাস্তাটোৰে গুচি গ'ল।

 শিৱাংগীয়ে ফ্লেট ছেণ্ডেল পিন্ধিছিল; হয়তো এতিয়াও পিন্ধে। তাই খোজ কাঢ়োতে হঠাৎ কোনোবা কেতিয়াবা, এপাট ছেণ্ডেল চুঁচৰি যোৱাৰ শব্দ হৈছিল; হয়তো এতিয়াও হয়। ইমানদিনে সেই চুঁচৰি যোৱাৰ শব্দটোৱেই ভাল লাগি আছিল। এতিয়া হঠাৎ এনেকুৱা লাগিল যেন খট খট শব্দটোও দেখোন সিমান বেয়া নহয়। ক’ত বা থাকে? কি বা নাম তাইৰ?