পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এদিন দুৰ্দিন /৩৭
 


বাৰাণ্ডাত ৰৈ থকা মালিকৰ লগুৱাটোক সেইটো ওভতাই, সি চিঠিখন পঢ়াৰ আয়োজন কৰিলে। তেনেই সংক্ষিপ্ত আৰু ব্যাকৰণ-বৰ্জিত হলেও চিঠিখনত তাই লিখিছে যে তাইৰ মাকৰ অসুখ, দুপৰীয়াৰ পৰা মাকৰ সেই পুৰণি এজমেটিক ট্ৰাবল হঠাৎ বাঢ়ি আহিছে। ককায়েক ঘৰত নাই, দেউতাক কালিয়েই কিবা কামত মহানগৰীলৈ গ'ল। তেওঁৰো আজি ওভতাৰ কথা নাই আৰু ইমানবোৰ অসুবিধাৰ মাজতো তাই আহিছিল ৰামানুজক লগ পাবলৈ, কেৱল ৰামানুজক লগ পাবলৈ।

 বাসৱীৰ প্ৰতি একধৰণৰ কৃতজ্ঞতাত সি যেন গদগদ হৈ পৰিল। হঠাৎ যেন দিনটোৰ সকলো ক্লান্তি আৰু অৱসাদ নোহোৱা হৈ গ'ল। সকলো ভাল লগা হৈ আহিল। সেই নেৰানেপেৰা বৰষুণ, সেই অশান্ত বংগোপসাগৰ, সেই অবাধ্য ৰিক্সাৱালা, সেই সোৰোপা পৌৰসভা আৰু বিদ্যুৎ পৰিষদ, সেই ছিগাৰেটৰ দোকানী আৰু কচাই, সকলোকে তাৰ ক্ষমা কৰি দিবলৈ মন গ'ল। দিনটোৰ সকলো ঋণাত্মক কাৰক নিমিষতে যেন অৰ্থবহ আৰু মোহনীয় হৈ পৰিল।

 কিন্তু ইমান সুন্দৰ, কাংক্ষিত মুহূৰ্ত এটাৰ আনন্দৰ মাজতো এটা কথাত সি চিন্তিত আৰু বিস্মিত হৈ পৰিল। আজি বাসৱী আহিছিল তাইৰ অসুখীয়া মাকজনীক ঘৰত অকলশৰীয়াকৈ থৈ। হয়তো তাই কিবা এটা অজুহাত দেখুৱাইছিল। কি সেই অজুহাত, ৰামানুজৰ এতিয়াই জনাৰ উপায় নাই। কিন্তু আজি এইখন নগৰত নিশ্চিতভাৱেই এটা অন্যায় হৈছিল। এজনী অসুখীয়া মানুহ ভালকৈ উশাহ ল’ব নোৱাৰি অসহায়ভাৱে হয়তো ছটফটাই আছিল। বৰ বেছি, হাততে ঢুকি পোৱাকৈ তেওঁৰ হয়তো আছিল এটা ইনহেলাৰ।

 কিমান নিৰ্মম হ’লে এজনী মাতৃক এনেকৈ এৰি থৈ অহা যায়? কিমান স্বাৰ্থপৰ হ’লৈ এগৰাকী অসুখীয়া মানুহক এনেকৈ এৰি থৈ গুচি যোৱা যায়?

 বাসৱীৰ ওপৰত ৰামানুজৰ ভীষণ খং উঠিল; নহয়, খং নহয়, এটা তীব্ৰ অবিশ্বাস আৰু ঘৃণাৰ ভাব উপজিল।


প্ৰান্তিক, ১ ডিছেম্বৰ, ২০০৩