সমললৈ যাওক

পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬/ওভতনি যাত্ৰা
 


সুমুৱালে। কিন্তু দুৰ্দিনত সামান্য চাবি এপাটেও দেখুৱাব পাৰে অপাৰ মহিমা। নানান ছলনাৰ শেষতো ধৰা দিব নোখোজা নাৰীৰ দৰে সেইপাট ৰুমাল এখনৰ ভাঁজত সোমাই থাকিল আৰু ৰুমালখন উলিয়াবলৈ যো-জা চলাওঁতে বাৰাণ্ডাৰ মজিয়াত এটা সুললিত শব্দৰ সৃষ্টি কৰি অন্ধকাৰত অদৃশ্য হৈ পৰিল।

 সেই মুহূৰ্তত এটা টৰ্চলাইট বিচাৰি সি তাৰ ভাৰাঘৰটোৰ একেখন চোতালতে থকা মালিকপক্ষক আমনি কৰাটো উচিত হ’বনে? গত্যন্তৰ নাই। টৰ্চলাইটটো বিচাৰোঁতে সি মানুহঘৰক বৰ কৌশলেৰে সুধিলে, – সি নথকা সময়ছোৱাত তাক বিচাৰি কোনোবা আহিছিল নেকি। প্ৰশ্নটোত,—খুব বেয়া পৰীক্ষা দি অহাৰ পাছতো ফলাফল ঘোষণাৰ দিনা যে তালিকাখনৰ সৈতে নিজৰ ৰোলনম্বৰটো মিলাই চাবলৈ মন যায়,— তেনেকুৱা ধৰণৰ এটা অদ্ভুত, অৰ্থহীন, স্তিমিত আশা আৰু উৎকণ্ঠাও মিহলি হৈ থাকিল।

 আৰু সেই স্তিমিত আশা আৰু নিৰ্বাপিতপ্ৰায় উৎকণ্ঠাক একেকোবে ক্লাইমেক্সৰ শীৰ্ষবিন্দুলৈ নিবলৈকে যেন এটা আশ্চৰ্যজনক আৰু অনভিপ্ৰেত উত্তৰ আহিল,—বাসৱী আহিছিল।

 সেই বৰষুণ, সেই সাঁ-সাঁ বতাহ, গধূলিৰ নগৰীত ঘটিব পৰা লোডশ্বেডিঙৰ সেই বিড়ম্বনা,— এই সমস্ত বাধা অতিক্ৰম কৰি ৰামানুজক লগ.পাবলৈ বাসৱী আহিছিল। দুৱাৰৰ তলাটো দেখি তাই মানুহ ঘৰৰ পৰা এখিলা কাগজ আৰু এটা কলম বিচাৰিছিল আৰু বাৰাণ্ডাত থিয়ৈ থিয়ে চিঠি এখন লিখি ৰামানুজৰ তলা আঁৰি থোৱা দুৱাৰখনৰ ফাঁক এটাৰে সেইখন তাই সুমুৱাই দিছিল।

 ৰামানুজৰ ভাগৰ লাগি আহিছিল। এনে লাগিছিল যেন বিছনাত বাগৰি দিলেই টোপনিয়ে হেঁচা মাৰি ধৰিব। কিন্তু এই মুহূৰ্তত বৰ স্বাভাৱিকভাৱেই তাৰ স্নায়ুবোৰ সক্ৰিয় হৈ উঠিল। শিথিল হৈ পৰা কোষবোৰ যেন হঠাৎ সতেজ হ’ল। তাৰ ম্লান পৰি থকা মনটো পলকতে জীপাল হৈ উঠিল। বাসৱীৰ প্ৰতি এক ধৰণৰ মৰম-মিশ্ৰিত শ্ৰদ্ধাত তাৰ মূৰটো যেন দোঁ খাই আহিল।

 আৰু প্ৰায় পোন্ধৰ মিনিটজোৰা এটা পূৰ্ণোদ্যম, সুৰুঙাবিহীন কম্বিং-অপাৰেশ্যনৰ অন্তত, —কোনো জনসমুদ্ৰত হেৰোৱা শিশুক ওভতাই পোৱাৰ দৰে,— চাবিপাট যেতিয়া উদ্ধাৰ কৰিব পৰা গ'ল, সেই মুহূৰ্তত ৰামানুজৰ অৱস্থাটো কলেজত নতুনকৈ নাম লগোৱা এজন ধৈৰ্যহীন, ফুকলীয়া প্ৰেমিক যুৱকৰ দৰে হ’ল। উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ কোবত তলাৰ ফুটাটোত সেইপাট সুমুউৱাৰ প্ৰথম কেইবাটাও চেষ্টা ব্যৰ্থ হ’ল। নিজৰ ওপৰতে ৰামানুজৰ এটা মৃদু খং উঠিল।

 অৱশেষত তলা খুলি, এডাল মম আৰু জুইশলাৰ বাকচ বিচাৰি, টৰ্চলাইটটোৰ বাবে