পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এদিন দুৰ্দিন /৩৫
 


তৰ্কযুদ্ধত অৱতীৰ্ণ হ'বলৈ যো-জা চলাইছিল। খুব স্বাভাৱিকভাৱেই সিহঁতৰ এটাই ৰামানুজৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিলে আৰু প্ৰাণপণে ভুকিবলৈ আৰম্ভ কৰিলে। চেলেঞ্জটো গ্ৰহণ কৰি দুটামান শিলগুটি বুটলিবলৈ সি যেতিয়া হাওলি মাটিলৈ হাত মেলিলে, তেতিয়া সি মন কৰিলে যে বোকাৰ ছিটিকনিত তাৰ পোছাকযোৰ সঁচাকৈয়ে বিবৰ্ণ হৈ পৰিছে। এনে অৱস্থাৰে বাটৰ কুকুৰ চাৰিটাৰ সৈতে মোকাবিলা কৰিবলৈ যোৱাটো উচিত হ'বনে?

 শেষ পৰ্যন্ত সি পৰিস্থিতিটো চম্ভালি ল'লে। কিন্তু তিতা কাপোৰ এযোৰ পিন্ধি বেগাই খোজ কাঢ়িব পাৰিনে? বাটত যিহেতু মানুহ-দুনুহ কমি আহিছে, গতিকে সামান্য ৰিস্ক এটা লৈ চোলাটো খুলি পেলাব পাৰি। চিন্তাটো মনলৈ অহাৰ লগে-লগে কাপোৰযোৰ তাৰ বেছি গধুৰ যেন লগা হ'ল। অথচ ৰেইনকোট এটা হাতত থকাৰ পাছত ওপৰঞ্চি বোজা কঢ়িওৱা কথাটো বৰ সুবিধাজনক যেন নালাগিল। পৰিস্থিতিটোৰ ওপৰত তাৰ এক ধৰণৰ খং উঠিল।

 এটা ছিগাৰেট খাবলৈ ৰামানুজৰ বৰ মন গৈছিল। কিন্তু ছিগাৰেটৰ দোকান ইতিমধ্যে বন্ধ হ’ল। সামান্য এজাক বৰষুণৰ অজুহাতত ইমান সোনকালে ছিগাৰেটৰ দোকান বন্ধ হৈ যায়?

 ছিগাৰেটৰ দোকানীৰ ওপৰত তাৰ খং উঠিল।

 আৰু কি আচৰিত, এটা বলিষ্ঠ যুক্তিসংগত খং মাৰ নাযাওঁতেই আন এটা ভীষণ খং তুলিবলৈকে যেন নগৰৰ সকলো বিজুলী চাকি হঠাৎ নুমাই গ'ল। চাবলৈ গ'লে ইয়াত আচৰিত হ'বলগীয়া একো নাই। লোডশ্বেডিং নামৰ এই ব্যৱস্থাটোৰ সৈতে নাগৰিক সমাজ খুবেই অভ্যস্ত। তথাপি বিৰক্তি প্ৰকাশৰ নমুনা হিচাপে একোটাহঁত শ্লেষাত্মক, অশ্লীল শব্দই গালিৰ ৰূপ ল’বলৈ তেওঁলোকৰ ওঁঠবোৰত সততেই উকমুকনি তোলে।

 এতিয়া ঘৰত সোমাবলৈ বেগাই খোজ কঢ়া কথাটো যেন অৰ্থহীন হৈ পৰিল। গান শুনাৰ কথা আছিল। গান শুনি-শুনি অনেক স্মৃতি ৰোমন্থন কৰাৰ কথা আছিল। অথচ কি নিষ্ঠুৰভাৱে নগৰৰ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰিছে! এনে এক মানসিক অৱস্থাত মম এডাল জ্বলাই উদ্দেশ্যহীনভাৱে হয়তো এখন চিঠি লিখিব পাৰি, অপৈণত হাতেৰে এটা কবিতা লিখাৰ চেষ্টা কৰিব পাৰি, কিন্তু ফ্ৰিজৰ পৰা উলিয়াই কোনোপধ্যেই হয়তো মাংস ৰান্ধিব নোৱাৰি।

 নগৰৰ বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে নিতান্ত অৱধাৰিতভাৱে ৰামানুজৰ মুখেৰে দুটামান অশ্লীল শব্দ ওলাই আহিল। অৱশ্যে নিশাচৰ শ্বাপদ সমাজৰ দৰে এই ক্ষমাহীন অন্ধকাৰৰ মাজতো ঘৰলৈ উভতিবলৈ তাৰ বিশেষ অসুবিধা নহ'ল।

 ঘৰৰ তলাটো খুলিবলৈ চাবিপাট বিচাৰি সি তাৰ পেণ্টৰ বাওঁফালৰ জেপত বাওঁহাতখন