পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এদিন দুৰ্দিন/৩৩
 


নে হাৰ্টৰ ট্ৰাবল, য'ত কোনোপধ্যেই হয়তো ৰিস্ক ল'ব নোৱাৰি; সেইকাৰণে? কিন্তু মাক- দেউতাকে গম নোপোৱাকৈ, ৰাস্তাই-ঘাটে, বাহিৰে বাহিৰে লগ পাই থকা কথাটো অস্বস্তিকৰ নহয়নে? এইটো এটা প্ৰচণ্ড ফাঁকি নহয়নে? বাসৱীয়ে দৃঢ়ভাৱে কয়, “নহয়, এইটো ফাঁকি নহয়। এহাল প্ৰেমিক-প্ৰেমিকাৰ সম্বন্ধত এনেকুৱা হয়েই।”

 হ'ব পাৰে। বাসৱীক তাৰ ভাল লাগে। ভাল লগা মানুহৰ কথাবোৰ বিশ্বাস কৰিবলৈ মন যায়। কিন্তু কেৱল ভাল লাগিলেই মানুহ এজনীক নিজৰ কৰি ল'ব পাৰিনে? লোৱাটো উচিত নে? বাসৱীক ভালকৈ এবাৰ লগ পাব লাগিছিল। অথচ আজি আবেলি বাসৱী নাহিল।

 অক্টোবৰ মাহত আন্ধাৰ সোনকালে হয়। ৰাস্তাত উপায়হীন হৈ বজাৰ-সমাৰ কৰিবলৈ যোৱা কেইজনমান নিশকতীয়া ধৰণৰ মানুহহে সি দেখা পালে। ফগ লাইট আৰু ডিপাৰ জ্বলাই, ৱাইপাৰ দুডালক সক্ৰিয় কৰি উৰ্ধ্বশ্বাসে অহা-যোৱা কৰা কেইখনমান বাহন, গুমটি দোকান এখনত কেৰাছিন তেল আনিবলৈ যোৱা এজনী অপৰিচ্ছন্ন ছোৱালী, ৱাইন শ্বপ এখনৰ বাৰাণ্ডাত ছাতিৰ তলত চুচুক-চামাককৈ দুজন অধ্যাপক। এনে এক বৰ্ষণমুখৰ প্ৰেক্ষাপটত ৰামানুজে ভাবিলে যে ৰেইনকোটটো খুলি সন্ধিয়াৰ এই বিপৰ্যস্ত নগৰীত জুৰুলি-জুপুৰি হোৱাত আপত্তিজনক একো নাই। সেই মুহূৰ্তত অৱশ্যে ছাতিৰ আশ্ৰয়ত থাকিব খোজাঁ, অনবৰতে সুৰক্ষাৰ চিন্তাত ব্যস্ত হৈ থকা মানুহবোৰলৈ তাৰ খং উঠিল। বাসৱী নিশ্চয় তেনেকুৱা নহয়।

 তাই কেনেকুৱা হয় আৰু কেনেকুৱা নহয় সেই কথাটো ভালকৈ জানিবলৈ আজি ৰামানুজৰ এটা সুযোগ ওলাইছিল। আজি বহুত সময় পোৱা গ'লহেঁতেন। কাৰণ বাসৱীয়েতো নিজেই কৈছিল যে মাংস ৰন্ধাত তেনে কোনো জটিলতা নাই। কিন্তু সেই সুযোগটো দিবলৈ আজি বাসৱী নাহিল। ৰামানুজৰ ডিপ ফ্ৰিজত আধা কিলোগ্ৰাম ছাগলীৰ মাংস এতিয়াও তেনেকৈয়ে পৰি আছে।

 কি দৰকাৰ আছিল আধা কিলোগ্ৰাম মাংস কিনাৰ? তাকতো সিমানখিনিৰ প্ৰয়োজনেই নাছিল। বাসৱীয়েনো কেইডোখৰ খালেহেঁতেন! তাৰ হিচাপত আজি গধূলিটো তিনিশ গ্ৰামেৰেই চলি গ'লহেঁতেন। অথচ ধুৰন্ধৰ কচাইটোৱে টাটকা বুলি পতিয়ন নিয়াই তাৰ ওচৰত আধা কিলো মাংস বিক্ৰি কৰিলে। কচাইজনৰ ওপৰত তাৰ এটা পাতলীয়া ধৰণৰ খং উঠিল। খংটো জামৰি যোৱাৰ পাছ মুহূৰ্ততে তাৰ মনলৈ এটা প্ৰশ্ন আহিল, — বাসৱীৰ বাৰু এনেকৈ কেতিয়াবা খং উঠেনে?

 যিবিলাক মানুহৰ খং নুঠে তেওঁলোকৰ বাৰু আৱেগ-অনুভূতি থাকেনে? তেওঁলোকে বাৰু কাৰোবাক ভীষণভাৱে ভাল পাব পাৰেনে? তেওঁলোকৰ বুকুৰ ভিতৰৰ যন্ত্ৰটোত