পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২/ ওভতনি যাত্ৰা
 


পৰিছিল। সিদিনা গধূলি এজোপা সোণাৰুৰ তলত, যৌৱনক প্ৰতিনিধিত্ব কৰা দুটা বিহ্বল প্ৰাণীৰ মাজত যেন মাংস ৰন্ধা সম্পৰ্কীয় এখন চুক্তি গোপনে স্বাক্ষৰিত হৈছিল।

 তাই কৈছিল,—“অলপ পলম হ’ব পাৰে।”

 “পলম নকৰিবা”— সি আধা কৰ্তৃত্ব আৰু আধা অনুৰোধৰ সুৰত কৈছিল।

 “সেইখিনি সময়ত এখন ৰিক্সা পাবলৈ টান”— এটা সম্ভাব্য আহুকালৰ বিষয়ে তাই তাক সোঁৱৰাই দিছিল।

 কথাটো মিছা নহয়। বেয়া বতৰৰ কথাতো বাদেই, ফৰকাল বতৰতো এইখন নগৰত যেতিয়া-তেতিয়াই ৰিক্সা পোৱা নাযায়। কেনেবাকৈ খালী ৰিক্সা এখন পালেও আপোনাৰ ভাগ্য নিৰ্ভৰ কৰিব ৰিক্সাৱালাৰ খেয়াল-খুচিৰ ওপৰত। ৰিক্সাচালকসকলে বাৰু কিয় তেনেকুৱাখন কৰে ! আজি সিহঁতৰ কাৰণেই হয়তো বাসৱীৰ অহা নহ'ল। ৰিক্সাচালক সকলৰ ওপৰত ৰামানুজৰ খং উঠিল। আনকি সিহঁতক লাইচেঞ্চ দিয়া নগৰৰ পৌৰ সভাৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধেও সি মুখৰ ভিতৰতে এবাৰ ভোৰভোৰালে।

 কিন্তু তাই যদি ৰিক্সা বিচৰাই নাছিল? কথাটো যদি এনেকুৱা হয় যে তাই ঘৰৰ পৰাই ওলাব পৰা নাছিল? তেনেহ'লে আৰুনো কি হ'ব পাৰে তাই নহাৰ কাৰণ? অৱশ্যে ইয়াৰ আগতেও কেতিয়াবা কেতিয়াবা নিজে ঠিক কৰি দিয়া দিন আৰু সময় অনুসৰি তাই আহিব পৰা নাছিল। কিনকিনীয়া বৰষুণ, প্ৰখৰ ৰ’দ, সময়ত ৰিক্সা নোপোৱা, সাধাৰণ পানীলগাই আমনি কৰা আদিৰ দৰে তেনেই একোটা তুচ্ছ অজুহাততো ৰামানুজক লগ পাবলৈ তাইৰ অসুবিধা হৈছিল। কিন্তু বাসৱীক আৰু খং কৰি থাকিব নোৱাৰি। ধৰি লোৱা হৈছিল যে প্ৰেম-ভালপোৱাৰ তুলাচনীখনে বৰ সহজে ভাৰসাম্যলৈ আহিবই নোখোজে। কিন্তু এতিয়া আৰু তেনেকৈ ধৰি ল’ব নোৱাৰি। কিয়নো ঘটনাক্ৰম আৰু পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। বাসৱীৰ অস্থিৰতা বাঢ়িছে; ৰামানুজক লগ পোৱাৰ বাসনা প্ৰবল হৈ পৰিছে। বিশ্বাস কৰিব পাৰি যে এতিয়া তাই আৰু অজুহাতৰ আশ্ৰয় নলয়।

 অজুহাত দেখুউৱা মানুহক ৰামানুজৰ ভাল নালাগে। বাসৱীৰ হয়তো এৰাব নোৱৰা ধৰণৰ কিবা এটা অসুবিধা হৈছে। এনে পৰিস্থিতিত, খবৰ এটা লওঁ বুলি, সি নিজেই তাইৰ ঘৰলৈ যাব পাৰিলেহেঁতেন। অথচ বাসৱীয়ে কৈ থৈছে, —এতিয়া নহয়, আৰু কিছুদিন যাওক।

 কিয় তাইৰ ঘৰলৈ যাবলৈ কিছুদিন অপেক্ষা কৰিব লাগে? তাইৰ ঘৰত এটা প্ৰবল প্ৰতাপী দেউতাক আছে; সেই কাৰণে? কলেজ-ইউনিভাৰ্ছিটিৰ চোতাল গচকি নোপোৱা এটা থূলন্তৰ, পালোৱান চেহেৰাৰ ককায়েক আছে; সেইকাৰণে? তাইৰ মাকজনীৰ শ্বাসকষ্ট