পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এদিন দুর্দিন/৩১
 


বোধকৰোঁ বাসৱীৰ ওপৰত খং কৰা নাযায়। হয়তো ক'ৰবাত এটা অবিচাৰ হৈছে, ক'ৰবাত এটা বিজুতি ঘটিছে; অথচ তাৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাযায়।

 এনেকুৱা বতৰত ৰামানুজে মাংস খাই ভাল পায়। কিন্তু অকলশৰীয়াকৈ থকা এটা মানুহৰ পক্ষে মাংস ৰান্ধি খোৱাটো সিমান সুবিধাজনক নহয়। খাদ্যৰসিক আৰু দুৰ্দান্ত লোভীসকলৰ ক্ষেত্ৰত কথাটো নিশ্চয় সুকীয়া। ৰামানুজক অৱশ্যে সেই প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। এনে ধৰণৰ মানুহে খোৱা-বোৱাৰ ক্ষেত্ৰত সততেই এটা শ্বৰ্টকাট বিচাৰে। আৰু পৃথিৱীত কণী নামৰ বিস্ময়কৰ আৰু উপাদেয় বস্তুবিধ থকালৈকে ক'ৰবাত মেছ কৰি থকা কলেজীয়া ছাত্ৰ-ছাত্ৰী, খবৰ কাগজত চাকৰি কৰা ডেকা সাংবাদিক, কোম্পানিত শ্বিফ্‌ট ডিউটি কৰা অবিবাহিত যুৱকসকলৰ আন শ্বৰ্টকাটৰ বিষয়ে চিন্তা কৰাৰ বিশেষ প্ৰয়োজন নাই।

 কিন্তু এদিন এটা নিজঞ্জাল গধূলি, অনেক অৰ্থহীন কথাৰ মাজত বাসৱীয়ে ক'লে যে মাংস ৰন্ধা কথাটোত তেনে কোনো জটিলতা নাই। পাত্ৰটো জুইৰ ওপৰত তুলি দিয়াৰ আগতে মাংসখিনি কিহেৰে আৰু কেনেকৈ সানি লৈছা তাৰ ওপৰতেই নিৰ্ভৰ কৰিব তোমাৰ মাংসবাটিৰ ভৱিষ্যৎ।

 “সেইটোৱেইতো টান কথা।”

 “একো টান কথা নহয়।”

 “কাৰবাৰটো টাইম কনজিউমিং।”

 “মুঠেও নহয়। এদিন মই তোমাক কম সময়তে ৰান্ধি দেখুৱাম।”

 ৰামানুজৰ ঘৰলৈ আহি তাৰ পাকঘৰত সোমাই এদিন বাসৱীয়ে মাংস ৰান্ধিব; শাৰীৰ আগটো কঁকালত খুঁচি লৈ তাই এবেলাৰ বাবে এজনী গৃহিণী হৈ পৰিব; গৰম মছলাৰ বাবে যাৱতীয় উপাদান বিচাৰি তাৰ পাকঘৰৰ ৰেকৰ টেমাৰ ঢাকনিবোৰ এফালৰ পৰা তাই খুলিব আৰু বন্ধ কৰিব;— এই গোটেই ঘটনাটোত ৰামানুজৰ বাবে আছে এটা বুজাব নোৱৰা পুলক, এটা সাংঘাতিক ধৰণৰ ৰোমাণ্টিকতা। বাসৱীও তাৰ দৰে ৰোমাণ্টিক নে?

 এদিন বাসৱীয়ে কৈছিল যে তাই বৰষুণত তিতি ভাল পায়। বৰষুণত তিতি ভাল পোৱা মানুহবোৰ ভীষণ ৰোমাণ্টিক হয়। কিন্তু কিনকিনীয়া বৰষুণত আজি বাসৱী নাহিল। সেইবুলি তাইৰ ওপৰততো খং কৰিব নোৱাৰি! গতিকে বৰষুণৰ ওপৰতহে ৰামানুজৰ খং উঠিল।

 আচলতে পৰহিৰ পৰাই বতৰটো গোমা হৈ আছিল। পাতলীয়াকৈ দুই -এজাক বৰষুণো