পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এদিন দুৰ্দিন

 আজি আবেলি বাসৱী নাহিল।

 কিনকিনীয়া বৰষুণ, স্বাভাৱিক জীৱন-যাত্ৰা কিছু পৰিমাণে ব্যাহত; গতিকে, ধৰি ল'ব পাৰি যে কিছু চেষ্টাৰ মূৰতো ঘৰৰ বাহিৰ ওলোৱাটো শেষ পৰ্যন্ত হয়তো সম্ভৱ নহ'ল। ঠিক তিনি বজালৈকে ৰৈ নাথাকি তাই যদি আধাঘণ্টা আগতেই ঘৰৰ পৰা ওলাই আহিলহেঁতেন তেন্তে গোটেই ঘটনাটোৱেই বেলেগ হৈ গ'লহেঁতেন। আঢ়ৈ বজাত বৰষুণ নাছিল। অনেক সময়ত মানুহ আগতীয়াকৈ ওলাই যায়। বৰষুণৰ সম্ভাৱনা থাকিলেতো যায়েই।

 চাৰে চাৰি বজাত ৰামানুজ অধৈৰ্য হৈ উঠিল। পাঁচ বজালৈকে তাৰ আৰু ঘৰত সোমাই থাকিবলৈ মন নগ'ল। কিছুসময় ৰৈ, ৰেইনকোটটো পিন্ধি সি ৰাস্তালৈ ওলাই গ'ল।

 অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ এটা চেঁচা-চেঁচা ভাব। এই সময়ত বাৰিষাকালৰ দৰে বিৰামহীনভাৱে বৰষুণ পৰি থকাৰ কথা নহয়। ক’তো ওলাই যাব নোৱৰাকৈ বতৰটোৱে পেনপেনাই থকাৰ কথা নহয়। ইমান সময়লৈ আকাশখন মুকলি হৈ যাব লাগিছিল। কিন্তু বংগোপসাগৰত হঠাতে হয়তো উদ্ভৱ হৈছে এটা বিৰক্তিকৰ নিম্নচাপ, ৰামানুজক দুখ দিয়াৰ বাহিৰে যাৰ আন কোনো উদ্দেশ্য নাই, বাসৱীৰ সৈতে কটাব খোজা এটা আবেলি নষ্ট কৰি পেলোৱাৰ বাহিৰে যাৰ আন কোনো লক্ষ্য নাই।

 বংগোপসাগৰৰ ওপৰত ৰামানুজৰ খং উঠিল। কিন্তু সেই মুহূৰ্ততে তাৰ এইটো উপলব্ধিও হ’ল যে বতৰৰ এই দুৰ্যোগ সত্ত্বেও বাটলৈ মানুহ ওলাই নোযোৱাকৈ থকা নাই। কাম থাকিলে মানুহ বাটলৈ ওলাবই। তেনেহ'লে ৰামানুজক লগ পোৱাটো বাসৱীৰ জানো এটা কাম নহয়! নৈমিত্তিক ছুটী লৈ বহি থাকিলেও কোনো জৰুৰী কামৰ অজুহাতত তাইৰ অফিছৰ মুৰব্বীয়ে মাতি পঠিওৱা সময় এছোৱাত এনেকুৱা বৰষুণে তাইক জানো ৰখাই থ'ব পাৰিব? অতি ঘনিষ্ঠ বান্ধৱীজনীৰ সৈতে চিনেমা এখন চাবলৈ ওলোৱাৰ মুহূৰ্তত এনে এজাক আপদীয়া বৰষুণে তাইক জানো গৃহবন্দী কৰি ৰাখিব পাৰিব?

 ভিতৰি-ভিতৰি তাৰ এটা অভিমান হ’ল, কিন্তু বাসৱীৰ ওপৰত তাৰ খং নুঠিল।