পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮/ ওভতনি যাত্ৰা
 


মোৰ নাই। সিমানখিনি অধিকাৰো নাই। কেঞ্চেছ ট্ৰেছৰ সেই ঘৰটোলৈ দহবাৰমান গৈছোঁ। বিষ্ণুপুৰত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি বৈশালীহঁতৰ ঘৰত এনিশা দুগৰাকী শিল্পীৰ বিশ্ৰামৰ ব্যৱস্থা কৰিছোঁ। কোৰাছ গাবলৈ যোৱা আঠজনী ছোৱালীক টয়লেটৰ ব্যৱস্থা হিচাপে বৈশালীহঁতৰ ঘৰটো দেখুৱাই দিছোঁ। সঘন আহযাহ নাথাকিলেও বৈশালীৰ মাকে মোক তাইৰ কাৰণে ভাল ল’ৰা এটা চাবলৈ কৈ পাইছে। অনিল বণিক্যৰ বয়সটো প্ৰকৃততে কিমান, সেই কথা সুধি পাইছে।

 কিন্তু তাতকৈ বহুত বেছি কথা আমাৰ পৰা লুকুৱাইছে। প’ল’ফিল্ডত ফুটবল খেল চাই থাকোঁতে কাণত পৰে,— বৈশালী কালি বৰাপানীলৈ গৈছিল। পুলিছ বজাৰৰ বুক ষ্টলৰ মালিকজনে সোধে, – “বৈশালীৰ লগত সেই নতুন ‘ছোকৰা’টো কোন? সিহঁত কালি চেৰাপুঞ্জিলৈ গৈছিল নেকি?” মোৰ সহকৰ্মীয়ে খবৰ দিয়ে,— “এই এপ্ৰিলত বৈশালীৰ উপাধি বৰুৱা হ’ব।”

 এপ্ৰিলত বৈশালী কিয়, গোটেই শ্বিলংখনেই যেন কিবা এটাৰ কাৰণে সাজু হৈ উঠে! শ্বিলং ধুনীয়া হয়। ৰ'দ আৰু ছাঁৰ লুকাভাকুৱে মালভূমিটোক কৰি তোলে অধিক মোহনীয়, অধিক ৰহস্যময়। ইউকেলিপটাছৰ গোন্ধ এটা হঠাৎ নাকত লাগে। একা-বেঁকা বাটবোৰেৰে পাৰ হয় ৰং-বিৰঙৰ ইউনিফৰ্ম পিন্ধা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কান্ধত টুকুৰি কঢ়িয়াই একো একোজনী কং। এপ্ৰিলত ডেটিং হয়। পাইনৰ তলত হৃদয়ৰ দিয়া-নিয়া হয়।

 এইটো মাৰ্চ মাহ৷ সঁচাকৈয়ে এপ্ৰিলত বিয়াৰ কথা চলিছিল নে নাই নাজানো; কিন্তু তিনিদিনৰ আগেয়ে বৰুৱা শ্বিলং এৰি গুচি গ'ল।

 যোৱাৰ সময়ত তেওঁ বাৰু বৈশালীক কথাবোৰ মই কৈছোঁ বুলি কৈ গ'ল নেকি? দেখা যাওক।

 মোৰ অফিছৰ থাৰ্ডফ্ল’ৰৰ খিৰিকিয়েদি তললৈ জুমি চাই বৈশালীক আহি থকা দেখিছোঁ। ঘড়ীত হয়তো পাঁচ বাজিছে। মই লিফটেৰে নামিছোঁ। তাৰ পাছত এটা আক্ৰমণৰ মুখামুখি হ’বলৈ নিজকে সাজু কৰিছোঁ। সমুখত, গে'টখনৰ ওচৰত বৈশালী আহি ৰ'লহি। অফিছত সকলোৰে সন্মুখত অপদস্থ নহ’বলৈ মই ক'লো,— “ব’লা অকণ আগবাঢ়ি যাওঁ, তোমাৰ যি ক’বলগীয়া আছে তাতে ক’বা।”

 তাই মান্তি হ’ল। ৰাস্তাৰ সিপাৰে ৱাৰ্ড চাহাবে বন্ধোৱা লে’ক। লে’কৰ মাজডোখৰত কেলেণ্ডাৰত দেখুৱাব পৰাকৈ এখন কাঠৰ সাঁকো। সাঁকোখনত থিয় হৈ মানুহে ৰঙা- ক’লা বৰণীয়া মাছবোৰক খুৱাবলৈ বুটভজা দলিয়াইছে। একো একোটা বুটক কেন্দ্ৰ কৰি মাছবোৰে পানীত খলকনি তুলিছে। ব’টিং ছেণ্টাৰৰ কিপাৰ এজনে চৈধ্য নম্বৰ ব’টখনক উদ্দেশ্য কৰি প্ৰাণপণে ঘণ্টাটো বজাইছে। কংকিট বেঞ্চ এখনত এহাল মানুহক ঘনিষ্ঠ