পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰেম আৰু জীৱনৰ অংক/২৭
 


 এদিন সঁচাকৈয়ে গৈছিল। ছেণ্ট এন্থনিজৰ পৰা বাহিৰে বাহিৰে বৈশালী এদিন ছেণ্ট্ৰেল লাইব্ৰেৰিলৈ গৈছিল। কলিনছ এনছাইক্ল'পেডিয়াৰ দুটা শকত ভলিউমৰ মাজেদি হাত সুমুৱাই আঙুলিৰ চেপত সযতনে ৰাখি থোৱা কাগজৰ নুৰা এটা ৰাজীৱলৈ আগবঢ়াই কৈছিল,— “মই সম্পৰ্কটো ৰাখিব নোৱাৰিম।”

 “কিয়?”— ৰাজীৱ চিঞৰি উঠিল। সেই চিঞৰ গহীন ৰিডিং ৰুমটোত বেসুৰা হৈ বাজি থাকিল কিছু সময়লৈ।

 “তাত সকলো লিখা আছে।”—অনুচ্চ স্বৰেৰে কৈ বৈশালী গুচি গ'ল।

 কিনো লিখা থাকিব! তিনিদিন পাছত আচল কথাটো ওলাল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা এজন বৈশালীহঁতৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে। ৰাজীৱ তামুলীৰ কথা তেওঁ গম নাপায়? কিয় নাপাব? পায়।

 ৰাজীৱ তামুলীৰ বিষয়ে,—মানে তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে ‘জনস্বাস্থ্য কাৰিকৰী’য়ে গম পায়। ‘জনস্বাস্থ্য’ৰ বিষয়ে খাচী ডেকাজনে গম পায়। অনিল বণিক্যই তামুলীৰ বাহিৰে আন দুগৰাকীৰ কথা গম নাপায়। বৰুৱাই কাৰো নাম নাজানে, কিন্তু বৈশালীৰ জীৱনত, তাকো ইন হাৰ আৰ্লি ডে’জ, কোনোবা এজন আছিল বুলি শুনিছে। কৈশোৰত,— বা যৌৱনৰ প্ৰথম দিনবোৰত মনৰ মাজত কোনোবা এজন থাকেই! নাথিং ছিৰিয়াছ; বৰুৱাই সেইবোৰ নাভাবে। কিন্তু ইমানবোৰ মানুহ, ইমানবোৰ ঘটনা? বৰুৱা আতংকিত হৈ উঠে। নাই, নাই, আৰু নোৱাৰি! এই নগৰখনেই এৰি গুচি যাব লাগিব ক'ৰবালৈ, দূৰৰ ক'ৰবালৈ।

 বৈশালীয়ে কেনেকৈ এইবোৰ চম্ভালে, সেয়া এক ৰহস্য। মই জনাত, যোৱা এঘাৰ বছৰত বৈশালীয়ে বিভিন্ন সময়ত সাতজন মানুহক আপোন কৰিবলৈ চেষ্টা কৰিছে; তাৰে চাৰিজনৰ লগত মুঠতে ন বাৰ বৰাপানীলৈ গৈছে; এবাৰ এজনৰ লগত খৃষ্টমাছৰ সন্ধিয়াটো কটাইছে; দুজনৰ লগত আপাৰ শ্বিলঙলৈ গৈছে; এলিফেণ্ট নামৰ জলপ্ৰপাতটোৰ শিল এছটাত বহি ফটো উঠিছে; প্ৰায় পঁচিছখনমান চিঠি আৰু শুভেচ্ছাপত্ৰ লিখিছে; অসংখ্য টেলিফোন কৰিছে; আৰু দুটা সন্ধিয়া দুজনক নিজৰ দুখৰ কথাবোৰ কৈছে। এই এঘাৰ বছৰৰ বিভিন্ন সময়ত চাৰিজনক তাই আৰু আন তিনিজনে তাইক নাকচ কৰিছে। তেওঁলোকৰ তিনিজনে বিভিন্ন কাৰণত শ্বিলং এৰিছে। বৰুৱাৰ বাহিৰে বৈশালীৰ প্ৰতি আন কাৰো সাংঘাতিক অভিযোগ নাই। হৈ যায়,— পাইনৰ তলত এনেকুৱা কেতিয়াবা হৈ যায়।

 অথচ মই এই ছোৱালীজনীৰ ভৱিষ্যৎ সম্পৰ্কে খুবেই উদ্বিগ্ন। ইমান দৌৰিছা, তোমাৰ ভাগৰ নালাগেনে? অকণো আমনি নালাগেনে? সুধিবলৈ মন যায়। কিন্তু সোধাৰ সাহস