চকুত নপৰাকৈয়ে মই বিচৰণ কৰোঁ৷ তথাপি কোন তলকত কাকতিছাৰ আহি ওলালহি
যে ফ্লাইঅ’ভাৰৰ মাজডোখৰত কিংকৰ্তব্যবিমূঢ় হৈ নিৰ্বোধৰ দৰে মই হাঁহি এটা মাৰিলো।
সেই হাঁহিৰ প্ৰতি অকণো উৎসাহ নেদেখুৱাই তেখেতে সুধিলে, —“ হেৰৌ, কি কৰিবি
বুলি ভাবিছ?”
মই মূৰ তল কৰিলো। তেওঁ মোৰ মূৰত হাত ফুৰাই সৰু ল’ৰা এটাক মৰম কৰাদি কৰি ক’লে, —“মই যে তোৰ ছাৰ আছিলো সেই কথাটো কিছুসময় পাহৰি মোক খোলাখুলিকৈ সমস্যাটো কচোন!”
“কিনো ক’ম ছাৰ আপুনিতো সকলোবোৰ শুনিছেই।”
“শুনিছোঁ তথাপি এবাৰ তোৰ মুখেৰেও শুনো।”
“ছাৰ, মই দেউতাৰ লগত হিচাপটো ঠিক মিলাব পৰা নাই।”
“কিয় নিমিলিব? তোৰ দেউতাৰক মই জানো নহয়। মানুহটো বাহিৰত টান, কিন্তু খোলাটোৰ ভিতৰত —।"
“ছাৰ, দেউতাই তথাপি মানি নল’ব। আপুনি মিছাতেই সময় নষ্ট কিয়নো কৰে!”
“তই মোক কি বুলি ভাবিছ, হুঁ? দেউতাৰে অন্ততঃ মোৰ কথা পেলাব নোৱাৰে। তই এটা কাম কৰ, কাইলৈ এবাৰ, —থাক নালাগে, কাইলৈ মই নিজেই গৈ দেউতাৰৰ লগত কথা পাতিম। তই পৰহিলৈ অফিছলৈ যাওঁতে মোৰ ঘৰত সোমাই যাবিহি।”
কোনোবা এটা সুৰুঙাৰে মোৰ মনৰ কোঠালিটোলৈ পোহৰ অকণ সোমাই অহা যেন লাগিল। মানুহটোৰ সমুখত মোৰ যেন স্কুলীয়া ল'ৰাটো হ’বলৈ মন গ’ল।
“মনত থাকিব?”
“থাকিব ছাৰ।”
পৰহিৰ কথামতে ছাৰৰ ঘৰত সোমাবলৈ সময়টো মিলাই পোন্ধৰ মিনিট আগেয়েই ছিটিবাছত উঠিছিলো। কিন্তু মহানগৰীৰৰ দুৰূহ যান-জঁট, বাছৰ জীৰ্ণ অৱস্থা আৰু বাছ কণ্ডাক্টৰৰ উদ্ধতালিয়ে মোক ইতিমধ্যেই চল্লিছ মিনিট পলম কৰাই দিলে। বাছৰ ভিৰটোৰ মাজৰ পৰা মই চাৰিজন মানুহক হেঁচুকি, দুজনৰ ভৰিৰ পতাত গচকি কোনোমতে ওলাব পাৰিলো। তাৰ পাছত দৌৰিছো কাকতিছাৰৰ ঘৰলৈ। নোদোকা কুকুৰ এটাৰ প্ৰত্যাহ্বান নেওচি কলিংবেলটো বজাইছোঁ। বনকৰ| ল’ৰা এটাই দুৱাৰখন খুলি দিছে, মোক বহিবলৈ কৈ সি ভিতৰলৈ গৈছে। মই এঘাৰ মিনিট বহিছোঁ। তাৰপাছত ধীৰখোজেৰে কাকতিছাৰ ওলাই আহিছে আৰু মোৰ সকলো ঔৎসুক্য নিমিষতে শেষ কৰি তেওঁ কৈছে, —“ বুজিছ অভী, তোৰ দেউতাৰ অলপ বেলেগ ধৰণৰ মানুহ অ’। তই মোক ভুল নুবুজিবি। মই কালি প্ৰায় দুঘণ্টা —।”