পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২/ ওভতনি যাত্ৰা
 


 এতিয়া এইখন নগৰীতে ঘৰ এটা ভাৰালৈ লৈ মই কল্যাণীৰে সৈতে সংসাৰ পাতিম আৰু দেউতাই তেওঁৰ ফিক্স ডিপ’জিটৰ কাগজ-পত্ৰত ‘নমিনি’ৰ স্থানত থকা মোৰ নামটো কাটি অইন এটা নাম বহুউৱাৰ ব্যৱস্থা কৰিব। নতুন ঘৰ এটাত সোমাবলৈ মই কাঁহী-বাটিৰ পৰা আৰম্ভ কৰি লেপ-তুলী, গাৰু-বেডক’ভাৰ আৰু পৰ্দাৰ কাপোৰলৈকে সকলোবোৰৰ ব্যৱস্থা কৰিম আৰু দেউতাই তেওঁৰ ঘৰটোৰ খালী হ’বলগীয়া কোঠালিটোৰ আচবাব ইফাল-সিফাল কৰি সেইটোক গেষ্টৰুম কৰি তুলিব।

 দেউতা আৰু মই, —আমি দুয়ো সেই কঠিন সিদ্ধান্তটোৰ পিনে আগবাঢ়ি গৈছো। মনত কষ্ট পাইছোঁ, কিন্তু মুখ খুলি কাকো একো কোৱা নাই।

 তথাপি শুভাকাংক্ষীৰ কাণত এইবোৰ খবৰ সোনকালেই পৰেগৈ। তাৰ পাছত তেওঁলোক আৰু থিৰেৰে থাকিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়। সহায় কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হৈ উঠে। সাধাৰণ পানীলগা হওঁতেই তেওঁলোকে ইমানবোৰ দৰবৰ নাম কয়,এইটোতো পিতা-পুত্ৰৰ বিচ্ছেদৰ মৰ্মান্তিক ঘটনা!

 শিলপুখুৰীৰ বাছষ্টেণ্ডত মাধুৰী বাইদেৱে এদিন মোক লগ পাই সুধিলে, —“কথাবোৰ সঁচানে?”

 “বাইদেউ,সঁচা।”

 “কিয় এনেকুৱা হ’ল? ছাৰতো জনা বুজা শিক্ষিত মানুহ!”

 “দেউতাই মানি নলয়।”

 “হ’বই নোৱাৰে। তুমিহে দেউতাৰাক বুজাব পৰা নাই যেন পাইছোঁ৷”

 মই মনে মনে থাকিলো। অলপ সময় ৰৈ মাধুৰী বাইদেৱে আকৌ ক’লে, — “তুমি চিন্তা নকৰিবা। ময়েই ছাৰক ক’ম। কাইলৈ কি বাৰ?”

 “নালাগে দিয়ক বাইদেউ। মিছাতে আপুনি—।”

 “এস, মোক তুমি কি বুলি ভাবিছা? ছাৰক মই কনভিনছ কৰাব পাৰিম নহয়!”

 সঁচাকৈয়ে এদিন মাধুৰী বাইদেউ আমাৰ ঘৰলৈ আহিল। তেওঁ অহাৰ তিনিদিন পাছত নৰেন দত্ত আহিল, হায়াৰ ছেকেণ্ডাৰি স্কুলৰ হে'ডমাষ্টৰ প্ৰভাত পাটগিৰি আহিল, আমাৰ প্ৰতিবেশী হৰ্ষবৰ্ধন বটব্যাল আৰু তেখেতৰ পৰিবাৰ আহিল। এনেয়ে ফুৰিবলৈ অহাৰ চল কৰি, বাৰাণ্ডাত দেখিহে খবৰ এটা লৈ যাওঁ বুলি বিভিন্ন সময়ত অনেক শুভাকাংক্ষী আহিল।

 পৰহি অধ্যাপক অলকানন্দ কাকতিয়ে চানমাৰি ফ্লাইঅ'ভাৰত মোক একপ্ৰকাৰ থাপ মাৰিয়েই ধৰিছে। দেউতাৰ বন্ধু, আমাৰ ঘৰলৈ অহা-যোৱা কৰা মানুহ, মোক এতিয়াও শাসনৰ সুৰত কথা ক'ব পৰা মোৰ একালৰ শিক্ষক-অধ্যাপক, —এনেধৰণৰ শুভাকাংক্ষীৰ