কোনো কথা নাই। মইতো জানিছিলোৱেই। নীৰৱে ছাৰৰ ঘৰৰ পৰা ওলাই আহিছোঁ।
এতিয়া যিমান সোনকালে পাৰি অফিছ পাবগৈ লাগে। ঘড়ীত এঘাৰ বাজি দহমিনিট
গৈছে। মই একপ্ৰকাৰ দৌৰিছোঁ।
আৰু যেতিয়া মোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা অফিছৰ টেবুলখনৰ ওচৰ পাইছোঁ, চকীখনৰ ধূলি জোকাৰি বহিবলৈ লৈছোঁ, বৰ্মন-মজুমদাৰহঁতে কিবা এটা ক’বলৈ মুখ মেলিছে, ঠিক তেতিয়াই পিয়নটোৱে আহি ক'লেহি,— “ছাৰে আপোনাক তেখেতৰ ৰুমলৈ মাতিছে।”
লাজ আৰু ভয়ত মই অলপ সংকুচিত হৈছোঁ। আজিৰ কাৰণে ছুটীৰ দৰখাস্ত এখন লিখি গুচি যাবলৈ মন গৈছে। কিন্তু তেনেকুৱা নাটকীয়তাৰো আৰু হয়তো উপায় নাই।
অফিছাৰে টেবুলৰ ওপৰত থকা কাচৰ পেপাৰৱে’টটো তেওঁৰ মধ্যমা আৰু বুঢ়া আঙুলিটোৰে লৰাই-লৰাই সুধিলে,— “অভী, কিবা সমস্যাত পৰিছা?”
“নাই ছাৰ।”
“মিছা মাতিছা। মই মন কৰিছোঁ তুমি এইকেইদিন অলপ অন্যমনস্কও হৈছা।”
“ছাৰ, মই নিয়াৰিকৈ কাম কৰিবলৈ যত্ন কৰিম ছাৰ।”
“ভাল কথা। পিছে তুমি কি সিদ্ধান্ত লৈছা?”
“তাৰমানে ছাৰ?”
“তুমি নক’লেও মই তোমাৰ কথাবোৰ জানো। শুনা, তোমাৰ দেউতাৰা মোৰ ক্লাছফ্ৰেণ্ড আছিল। কেৱল সেয়াই নহয়, এতিয়াও আমাৰ ঘনিষ্ঠতা আছে। কোনো কথাই তেওঁ পেলাব নোৱাৰে। মই ক’ম, মই ক’ম তেওঁক। তুমি এটা কাম কৰা, কাইলৈ এবাৰ তুমি— থাকক নালাগে, কাইলৈ মই নিজেই গৈ দেউতাৰাৰ লগত কথা পাতিমগৈ।”
প্ৰান্তিক, ১ মাৰ্চ, ২০০১