পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওভতনি যাত্ৰা /২১
 


 “এইবিলাক চব মিছা, বুজিছে! আপুনি ৰুট কেনেল ট্ৰিটমেণ্ট কৰাই লওক। নহ’লে কিন্তু বৰ কষ্ট পাব!”

 মই বিৰক্ত হৈ গৈছোঁ। কি কৰোঁ? দাঁতৰ বিষটো যেনিবা লুকুবাই ৰাখিব পাৰোঁ, কিন্তু পানীলগা হ’লে যে নাকটোৰে সোঁতসোঁতাই থাকোঁ! খুকুৰ-খুকুৰকৈ যে কাহটো মাৰোঁ! তেতিয়া?

 এই পৃথিৱীখনত শুভাকাংক্ষীৰ অভাৱ নাই। তেওঁলোকৰ পৰা আপোনাৰ যে কেতিয়াও উপকাৰ নহ’ব, তেনেকুৱাও নহয়। কিন্তু বেছিভাগ সময়তেই তেওঁলোক অবাঞ্চিত আৰু বিৰক্তিকৰ।

 মোৰ সহকৰ্মী তালুকদাৰে এদিন উপযাচি মোক ক’লেহি যে মোৰ দেউতাৰ লগত তেৱেঁই কথা পাতিব। কিমানবাৰ যে ক’লো, দেউতাক সেইবোৰ কৈ লাভ নাই, তেওঁৰ মত সলনি কৰিব নোৱাৰি! তালুকদাৰে কোনোপধ্যেই মানি নলয়। পৃথিৱীত হেনো এনে কোনো সমস্যা নাই যিটোৰ আলোচনাৰ মাজেৰে সমাধান নহয়! ভাল কথা। যাওক, আলোচনা কৰকগৈ।

 এদিন বন্দৱস্ত অনুসৰি মই ঘৰত নথকাত তালুকদাৰ আহি আমাৰ ঘৰ ওলালহি। কিমান সময় ধৰি আৰু কেনে ধৰণৰ আলোচনা চলিল, সেইবোৰ সিদিনাই জনাৰ মোৰ উপায় নাথাকিল। পিছদিনা অফিছত সংক্ষেপে তেওঁ দুটা শব্দই ক’লে, “নোৱাৰিলো বুজিছে।”

 নোৱাৰি। কিছুমান মানুহে পুহি ৰখা ধাৰণা একোটাক সতকাই সলনি কৰি দিব নোৱাৰি। অন্ততঃ মোৰ দেউতাৰ কথা মই জানো৷ মোৰ দৰেই তেওঁ এজন অভিমানী, স্থিৰ আৰু আবেগক প্ৰশ্ৰয় নিদিয়া মানুহ। তদুপৰি তেওঁৰ আছে নিজৰ সিদ্ধান্তৰ ওপৰত প্ৰচণ্ড আত্মবিশ্বাস।

 ময়ো মোৰ জীৱনৰ সিদ্ধান্ত লওঁতে দেউতাৰ ইচ্ছা-অনিচ্ছাৰ কথা মনলৈ অনা নাই। কল্যাণীক কথা দিওঁতে এবাৰো ভাবি চোৱা নাই কি হ’ব পাৰে দেউতাৰ প্ৰতিক্ৰিয়া। পুত্ৰই নিজৰ ইচ্ছামতে প্ৰেম কৰিব, ছোৱালী লৈ পিকাডেলি ৰেস্তৌৰাত মোগলাই পৰঠা খাব, ৰ’লিক আইছক্ৰিম খাব, অপ্সৰা-অনুৰাধাত চিনেমা চাব, —আৰু এই সকলোবোৰ নিৰ্বিবাদে মানি লৈ, নিজৰ সকলো পৰিকল্পনা বাদ দি দেউতাই সাতশ মানুহক লুচি আৰু মিঠাই খুউৱাৰ বন্দৱস্ত কৰিব, সেইটোওতো আশা কৰা উচিত নহয়।

 মোৰ দৃষ্টিভংগীৰে মই ভুল কৰা নাই। দেউতাৰ দৃষ্টিভংগীৰে তেৱোঁ সম্পূৰ্ণ শুদ্ধ। উপায় নাই।