পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুভাকাংক্ষী

 দহ বজাতেই চানমাৰি ক’লনি গৈ পাবগৈ লাগিছিল। ইতিমধ্যেই মোৰ ঘড়ীত চাৰে দহ বাজিছে। আধা ঘণ্টা পলম হ’লেও কথাটো বিশেষ দোষণীয় বুলি গণ্য নহ'লহেঁতেন ৷ অফিছাৰজন মোৰ দেউতাৰ একালৰ সহপাঠী কাৰণে, নাইবা মোৰ পূৰ্বৰ ৰেকৰ্ডটো বেয়া নহয় কাৰণে, নাইবা দেশখনৰ ছিষ্টেমটোৱেই তেনেকুৱা কাৰণে তেওঁ হয়তো মোক ক্ষমাৰ চকুৰে চালেহেঁতেন।

 কিন্তু এতিয়া মই খৃষ্টানবস্তি আৰু ভঙাগড়ৰ মাজৰ কোনোবা এডোখৰত জীৰ্ণ বাছ এখনৰ ভিতৰত যেনেকৈ আৰু য’ত অৱস্থান কৰিছোঁ, তাৰ পৰা বাছখনৰ গতি-গোত্ৰলৈ চাই এঘাৰ বজাৰ ভিতৰত অফিছ পোৱাটো কোনোপধ্যেই সম্ভৱ নহ’ব । অকল সেয়াইনে? মইতো এটা বাছ-ষ্টপৰ আগতেই নামিব লাগিব ! নামিয়েই মই ফ্লাইঅ’ভাৰৰ তলেৰে ৰেলৱে ক্ৰছিং পাৰ হৈ দুটামান বাইলেন এৰি অলকানন্দ কাকতি ছাৰৰ ঘৰৰ কলিং বেলটো বজাম। ৰাতিপুৱা শৌচ আৰু প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰিবলৈ দিয়া মানুহে যেনেকৈ পাছবেলা ৰিপৰ্টটো আনিবলৈ লেব’ৰেটৰিলৈ যায় তেনেকৈ মই কাকতি ছাৰৰ ড্ৰইংৰুমত বহি অপেক্ষা কৰি ৰ’ম। তাৰ পাছত তেওঁ ওলাই আহি মোক এটা অলিখিত ৰিপ'ৰ্ট দিবহি । মনটো সেইমতে জুকিয়াই লৈ অফিছ অভিমুখে খোজ ল’ম ৷ পাৰিলে দৌৰিম । ফোপাই-জোপাই গৈ মই যেতিয়া মোৰ চকীখনত বহিম তেতিয়া হয়তো মোৰ কাষলৈ পিয়নটো আহি ক’বহি —“ছাৰে আপোনাক তেখেতৰ ৰুমলৈ মাতিছে।” (তেখেতে যে হঠাৎ গৰ্জন কৰি উঠিব সেইটোও নহয় ৷ কিন্তু মই ঠিক বুজি পাম কোনটো স্কেলত তেখেতে মোক স্বৰলিপি শিকাব। হয়তো অত্যন্ত অমায়িকভাৱে তেখেতে মোক ক’ব,—অভী, তুমি স্কুটাৰ এখনকে চোন কিনিব পাৰা!”

 নোৱাৰোঁ; মোৰ ইচ্ছা থাকিলেও এই মুহূৰ্তত মই স্কুটাৰ এখন কিনিব নোৱাৰোঁ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে মই পৈতৃক ঘৰটো এৰি ভাৰাঘৰ এটাত থাকিবলৈ যাম ৷ বিচনী এখনৰ পৰা আলমাৰিটোলৈকে অসংখ্য বস্তু কিনিম ৷ গেছ ছিলিণ্ডাৰ আৰু বাৰ্নাৰটোৰ যোগাৰ নোহোৱা পৰ্যন্ত এটা কেৰাছিনৰ ষ্ট’ভ কিনিম। চামুচ, চেকনি, হেতা, বাল্টি; কল্যাণীক ন্যুনতম সুবিধাকণ দিবলৈ আপাততঃ এটা তিনিলিটাৰ জোখৰ প্ৰেছাৰ কুকাৰ।