পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮/ ওভতনি যাত্ৰা
 


দিলে,—শৌচৰ লগত তেজ ওলোৱা বেমাৰটো যে, সেইটোৱেই কেঁচুমূৰীয়া৷ তাৰ মানে “পাইলছ”। সেইটোতো ইংৰাজী শব্দ। অসমীয়াত? দুটা বৰ্ণত?

 প্ৰায় সকলোৰে অলক্ষিতে চৌধুৰী আগবাঢ়ি আহি মোৰ টেবুলৰ সমুখৰ খালী চকীখনত বহিল। তাৰ পাছত খুব লাহেকৈ সুধিলে,— “আপোনাৰ পাইলছ বা মেলিনা আছেনে?”

 “নাই”—মই প্ৰায় চিঞৰি উঠিলো।

 “আপোনাৰ পৰিয়ালত বা ওচৰ সম্পৰ্কীয় কাৰোবাৰ কোনো দুৰাৰোগ্য বা কষ্ট পাই থাকিবলগীয়া বেমাৰ আছেনে?”

 মই দুটা মুহূৰ্ত চিন্তা কৰিলো।

 “নাই, বোধকৰোঁ নাই।”

 “তেনেহ’লে আপুনি দুৰ্ভগীয়া নহয়, ভাগ্যবানহে।”

 “কিন্তু মোৰ সামান্য দাঁতৰ বিষ আছে। পেইনকিলাৰ খাই থাকোঁ।”

 “সৰুৱাই পেলাব। সমস্যা শেষ। কিন্তু মোৰ সাত বছৰীয়া ল’ৰাটোৰ কি হৈছে জানেনে?”

 মই জনা-নজনাৰ একো ভাব প্ৰকাশ কৰিব নোৱাৰিলো। কেৱল তেওঁৰ প্ৰত্যয়দীপ্ত চকুদুটালৈ চাই থাকিলো।

 “পাৰকিনছন। হাতদুখন কঁপি থাকে, মূৰটো সি পোনকৈ ৰাখিব নোৱাৰে। জীয়াই থকালৈকে সি হয়তো তেনেকৈ থাকিব লাগিব, মই জীয়াই থকালৈকে সেইবোৰ সহ্য কৰি থাকিব লাগিব।”

 মই চৌধুৰীৰ হাত এখন ক’ব নোৱৰাকৈয়ে মোৰ দুয়োখন হাতেৰে চেপি ধৰিলো। মোৰ চকু দুটা চলচলীয়া হ’ব ধৰিছে, নাকৰ পাহি দুটা যেন এক মুহূৰ্তৰ বাবে ফুলি উঠিছে, ওঠ দুটা যেন বিহ্বল হৈ কঁপি উঠিছে। মই যেন চৌধুৰীক সাবটি এইমাত্ৰ হুকহুকাই কান্দি পেলাম।

 চৌধুৰীয়ে পৰিস্থিতিটো চম্ভালিবলৈ মিচিকিয়াই হাঁহিলে বা হঁহাৰ চেষ্টা কৰিলে। তাৰ পাছত সেই একেই দৃঢ় অথচ অনুচ্চ স্বৰেৰে ক’লে, “মই জানো আপুনি বাজিত হাৰিব। ব’লক কেণ্টিনলৈ যাওঁ। একাপ চাহ হৈ যাওক।


প্ৰান্তিক, ১৬ ফেব্ৰুৱাৰী, ২০০০