পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটা ভাগ্য সম্পৰ্কীয় গল্প /১৫
 


অৰ্জন কৰিছিলো। পৰীক্ষা, মৌখিক সাক্ষাৎকাৰ সকলো শেষ হোৱাৰ পাছত ওপৰৰ পৰা নিৰ্দেশ আহিল যে সেই পদটো আচলতে কোনো এটা বিশেষ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত হৈ থাকিব লাগে। মোৰ ধাৰণা, মই নহৈ আন এজন মোৰ ঠাইত হোৱাহেঁতেন তেনেকুৱা এটা আপদীয়া নিৰ্দেশ নাহিলহেঁতেন।

 “আপোনাৰ ধাৰণাটো শুদ্ধ নহয়।”— চৌধুৰীয়ে কয়।

 “কিয়?”

 “অন্ততঃ এইখন দেশৰ চাকৰিৰ ক্ষেত্ৰত কোটি কোটি মানুহৰ ভাগ্য আপোনাৰ ভাগ্যতকৈ অকণো বেলেগ নহয়।”

 “বাৰু, মই মানি লৈছোঁ। কিন্তু মই অইন উদাহৰণ দিম!”

 “দিয়ক।”

 “কলেজীয়া দিনত দীঘলীপুখুৰীৰ পাৰত, হাইকোৰ্টৰ সমুখেৰে আমি খোজকাঢ়ি যাওঁতে ওপৰেৰে.উৰি যোৱা চৰাইৰ বিষ্ঠা কেৱল মোৰ মূৰতহে পৰে। ইমানবোৰ ল’ৰা-ছোৱালী, ইমানবোৰ মানুহ একেলগে নাইবা অগা-পিছাকৈ গৈ থাকোঁ, চৰাইজাকে কামফেৰা কৰিবলৈ ঠিক মোৰ মূৰটোৱেই বাছি ল’লে?”

 “আপুনি ধেমালি কৰিছে। ছিৰিয়াছ কথালৈ আহক।”

 “আহি আছোঁ৷ কিন্তু এই সৰু সৰু কথাবোৰৰ কোনো তাৎপৰ্য নাই নেকি?”

 চৌধুৰীয়ে বিৰোধিতা কৰিলেও মোৰ এই ভাগ্য সম্পৰ্কীয় কথাবোৰ বহুতেই আগ্ৰহেৰে শুনিৰলৈ লৈছে। তালুকদাৰে কৈছে যে এনেকুৱা মানুহৰ বিষয়ে এটা শব্দত প্ৰচলিত শব্দটো হৈছে—‘কুফা’। বৰ্মনে কথাটোত প্ৰবল আপত্তি কৰিছে। কুফা শব্দটোৱে হেনো মানুহ এজনক দুৰ্মুখ বুলিও প্ৰতিপন্ন কৰে। টিভিত খেল চাই থাকোঁতে আপুনি ‘এইবাৰ তেণ্ডুলকাৰ আউট’ বুলি কৈ পোৱাৰ লগে লগেই যদি ষ্টাম্প উফৰি যায় আৰু বিষণ্ণবদনে লিটল মাষ্টাৰগৰাকী ফিল্ডৰ বাহিৰ ওলাবলগীয়া হয়, তেন্তে আপোনাক কুফা বোলা হ’ব পাৰে। আপুনি যাত্ৰা কৰা বাছখনৰ চকা ফুটা, স্প্ৰিং ভগা জাতীয় ঘটনাবোৰ যদি প্ৰায়েই ঘটি থাকে, তেনেহ’লেও আপোনাক ‘কুফা’বুলি কোৱা হ’ব পাৰে। মুঠৰ ওপৰত, আপোনাৰ কাৰণে অইনৰ হাৰাশাস্তি হোৱাৰ ক্ষেত্ৰত আপুনি কুফা।

 কিন্তু মই বৰ্মনৰ বিচাৰত কুফা নহয়, দুৰ্কপলীয়াহে।

 সঁচা কথা ক’বলৈ গ’লে দুই-চাৰিটা সমূহীয়া দুৰ্ভাগ্যৰ ঘটনাতো মই জড়িত নথকা নহয়। উদাহৰণস্বৰূপে আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কথা ক’ব পৰা যায়। আমাৰ আগৰবাৰলৈকে প্ৰশ্নকাকতৰ অলিখিত নিয়মটো আছিল