পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬/ ওভতনি যাত্ৰা
 

এনেকুৱা যে ঠিক আগৰটো বছৰৰ প্ৰশ্নকাকতবোৰ বাদ দি দুবছৰ বা তাতোকৈ আগৰ, পুৰণি প্ৰশ্নকাকতবোৰ চালেই আশী শতাংশ প্ৰশ্ন ‘কমন’ পৰে। মোৰ দৰে সাধাৰণ মস্তিষ্কৰ আৰু কিছু ফাঁকিবাজ পৰীক্ষাৰ্থীৰ বাবে সেই নিয়মটো কিমান প্ৰয়োজনীয় আছিল তাক নক’লেও হ’ব। কিন্তু আমাৰ বাৰত হ’লগৈ তাৰ ওলোটাটো। তথাপি যেনিবা সেইবাৰ কথামপি পাৰ হ’লো। সেই নম্বৰেৰে মই বিচৰা ধৰণে যিখন কলেজৰ স্নাতক মহলাত নাম লগাবলৈ সুযোগ পাব লাগে সেইখন কলেজৰ কাৰ্যালয় সহকাৰী এজনে ক’লে যে ফিফটি এইট পাছেণ্টেজেৰে এইবাৰ নহ’ব।

 “নহ’ব? কিয় নহ’ব? যোৱাবাৰতো ফিফটি থ্ৰীলৈকে নামিছিল।”

 “নামিছিল। কিন্তু এইবাৰ নানামে।”

 “কিয়?”

 “ইঞ্জিনিয়াৰিং কলেজত ষ্ট্ৰাইক। গতিকে তাত আসন পোৱা এইবাৰৰ ছাত্ৰ- ছাত্ৰীয়ে ষ্ট্ৰাইক শেষ নোহোৱা পৰ্যন্ত ইয়াতেই পঢ়িব বুলি নামভৰ্তিৰ দৰখাস্ত দি থৈছে।”

 এইবোৰ চৈধ্য বছৰৰ আগৰ কথা৷ আজি মোৰ জীৱনৰ গতিয়েই সলনি হৈ গৈছে। সৰুতে হাৰমনিয়মৰ ৰিডবোৰত আঙুলি থৈ সপোন দেখিছিলো, —ডাঙৰ হৈ মই সজাম আটোমটোকাৰি এটা ঘৰ, সেই ঘৰৰ এটা আছুতীয়া কোঠালিত থাকিব এটা পিয়ানো, সেই পিয়ানোত মোৰ দহোটা আঙুলিৰে, —থাকক, এইবোৰ কৈ কি লাভ? আজি মোৰ দহোটা আঙুলি এটা পুৰণি, আউটডেটেড টাইপৰাইটাৰত ব্যস্ত হৈ থাকে। ভাগ্য !

 সপ্তমদিন৷ খবৰ আহিল যে বহুতৰেই টেলিফোন বিলত হিচাপৰ গণ্ডগোল হৈছে। জ’নেল অফিছলৈ দৰখাস্ত এখন দিলেই ঠিক কৰি দিব।

 অষ্টম দিনা বৰ্মনে এটা আমোদজনক কথা ক’লে তেখেতৰ পত্বীয়েও হেনো নিজকে দুৰ্কপলীয়া বুলি ভাবে। যিদিনাই তেওঁলোকৰ ঘৰলৈ আলহী অহাৰ কোবটো বেছি হয়, কাম বেছি হয়, বাচন সৰহকৈ ওলায়, সিদিনাই পাৰ্টটাইম বনকৰা মানুহজনী নাহে যিদিনাই ধুবলৈ বুলি পৰ্দাৰ কাপোৰ, আঁঠুৱা, বিছনাচাদৰ আদি চাবোনপানীত তিয়াই থয়, সিদিনাই মিউনিছিপেলিটিৰ টেপত পানী নোহোৱা হয়। পাটৰ কাপোৰসাজ পিন্ধি ওলালে —বৰষুণ। বৰষুণ বুলি প্লাষ্টিকৰ ছেণ্ডেল পিন্ধি ওলাই গ’লে আধাঘণ্টাৰ পাছত ভীষণ ৰ'দ।

 এইবোৰ কি? দুৰ্কপাল।