পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪/ ওভতনি যাত্ৰা
 


 পোন্ধৰ দিনৰ ভিতৰত চৌধুৰীয়ে প্ৰমাণ কৰিব যে ভাগ্যই কেৱল মোৰ বেলিকাই তেনেকুৱা নকৰে (অৰ্থাৎ অইনৰো তেনে হয়) আৰু মোৰ বেলিকা কেৱল দুৰ্ভাগ্যৰ সংযোগেই নঘটে (অৰ্থাৎ সৌভাগ্যও আহে)। আনহাতে এই পোন্ধৰ দিনত ঘটিবলগীয়া মোৰ দুৰ্ভাগ্যৰ ঘটনাপঞ্জী সাক্ষী আৰু প্ৰমাণসহ মই লিপিবদ্ধ কৰি থ’ম। মোৰ বিশ্বাস, মই জিকিম।

 বাজিজড়িত ঘটনাবোৰ উপভোগ কৰিবলৈ তৃতীয়পক্ষ হিচাপে অন্ততঃ এজন মানুহৰ প্ৰয়োজন। চৌধুৰী আৰু মোৰ বাজি উপভোগ কৰিবলৈ আমাৰ অফিছৰ মুৰব্বী বৰঠাকুৰ ছাৰৰ পৰা আৰম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে সকলো উৎকণ্ঠিত হৈ ৰ’ল। বৰঠাকুৰ ছাৰে,— ডাক্তৰে যেনেকৈ ৰোগীৰ অভিভাৱকৰ কাণৰ ওচৰলৈ মুখখন নি খুব লাহেকৈ ৰোগৰ পৰ্যায়টোৰ কথা কয়,—তেনেকৈ মোৰ ওচৰলৈ আহি ক’লে,— “ভট্টাচাৰ্য, আপুনি হাৰিব যেনেই পাইছোঁ।”

 কিন্তু মোৰ ভাগ্যৰ কথা মোতকৈ বেছি ভালকৈ আন কোনোবাই ক’ব পাৰিবনে?

 আৰু কিছুমান ভাগ্য সম্পৰ্কীয় সৰু সৰু কথা মোৰ ক’বলৈ আছে। অৱশ্যে সেইবোৰত ভাগ্যক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিব পাৰিনে নোৱাৰি নাজানো। কিন্তু এটা কথা ঠিক, মোৰ বেলিকা এনেকুৱা হয়েই। টুথপেষ্টৰ ঢাকনি, ফাউণ্টে’ন পেনৰ সাঁফজ হাতৰ পৰা পৰে; পৰিয়েই পালেঙৰ তল নাইবা আলমাৰিৰ চেপত সোমায়গৈ। শেহত এনেকুৱা ঠাইত ৰয়গৈ যে মই কোনোপধ্যেই সেইটো হাতেৰে ঢুকি নাপাওঁ। স্কেল এপাট বা লাঠী এডালেৰে খেপিয়াই কামটো কৰিব পৰা হয়, কিন্তু এইবাৰ মূৰত মকৰাজাল এখন লাগি ধৰে।

 মুখৰ বগৰীগুটিটো বাহিৰলৈ উঠি গৈ পেলাই আহিবলৈ এলাহ লাগে। কিমানে খিৰিকিৰ ৰডবিলাকৰ মাজেৰে ফু একোটা মাৰি মুখৰ বতাহকণৰ জোৰত গুটিটো সৰকাই দিয়া দেখোঁ। মোৰ বেলিকা কি হয় জানেনে? বগৰীৰ গুটি খিৰিকিৰ ৰডত লাগি উফৰি আহি আলফুলকৈ পাৰি থোৱা বিছনাচাদৰ এখনৰ ওপৰত পৰে। অগত্যা উঠি যাবলগীয়াই হয়গৈ। কিন্তু গুটিটো যদি ৰডকেইডালত লগাওঁ বুলিয়েই মাৰিলোহেঁতেন, তেন্তে এবাৰ কিয় দহবাৰতো মই সফল নহ’লোহেঁতেন।

 পোন্ধৰদিনৰ প্ৰথম চাৰিটা দিনত একো নঘটিল। কিন্তু পঞ্চম দিনা ডাকযোগে অহা মোৰ টেলিফোনৰ বিলত হিচাপৰ খেলিমেলি এটা দেখা গ’ল। অইনৰ টেলিফোন বিলতো এনেকুৱা হৈছেনে? কথাটো টুকি থোৱা যাওক।

 এই টেলিফোন বিভাগৰে অ-কাৰিকৰী শাখাত এটা চাকৰি পোৱাৰ যোগ্যতা