পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা ভাগ্য সম্পৰ্কীয় গল্প

 কেৱল মোৰ ক্ষেত্ৰতেই এনেকুৱা হয়। ভাগ্যই লগ নিদিয়ে। লগ নিদিয়ে বুলি ক’লেও সঠিক কথাটো কোৱা নহয়। প্ৰকৃততে ভাগ্যই মোক ভেঙুচালি কৰি গুচি যায়।

 মোক এশখন লটাৰি টিকেট বিনামূলীয়াকৈ দিয়ক; মই বাজি মাৰিব পাৰোঁ,— এশ এক নম্বৰ টিকেটখনতহে পুৰস্কাৰ এটা লাগিবগৈ। আৰু সেই ছিনেমাহলত শাৰী পাতি টিকেট কটা কথাটো! দুই বজাৰ মেটিনি শ্ব’ চাবলৈ তাহানি সেই টিকাফটা ৰ’দ মূৰত লৈ ‘কিউ’ কৰি থাকোঁ। শ্ব’ আৰম্ভ হ’বলৈ আধাঘণ্টা থাকোঁতে টিকেট দিবলৈ আৰম্ভ কৰে। তেনেকুৱাতে, ক’ৰ পৰা আহে জানো, চাৰি- পাঁচটামান উদণ্ড প্ৰকৃতিৰ মানুহ আমাৰ লাইনটোৰ সন্মুখৰ ফালে ঠেলা-হেঁচা কৰি সোমাই লয়। কেনেবাকৈ যদি এখোজ আগুৱাইছিলো, চাৰিখোজ পিছুৱাই আহিবলগীয়াত পৰোঁ। আৰু সেই আধাঘণ্টীয়া উৎকণ্ঠাৰ পাছত ‘কিউ’টোত থিয় হৈ থকা মোৰ ঠিক আগৰজন মানুহে যেতিয়া কাউণ্টাৰৰ ফুটাটোৰে হাত সুমুৱাই দিয়ে, ভাগ্যই যেন মোৰ লগত খেলখন খেলিবলৈ গাটো পোনাই লয়। তাৰ পাছত— খটপ। কি হ’ল? টিকেট শেষ!

 এইবোৰ এদিনৰ কথা নহয়।

 ক’ৰবাত কিবা এটা বিচাৰি যাওঁ। উত্তৰ আহে,— ‘এস আপুনি কালিয়েই এবাৰ কৈ নথ’লে কিয়!’ ভাগ্য! কালি কৈ নোথোৱা বাবেই আজি বস্তুটো অইন কাৰোবাক দিয়া হৈ গ’ল। কি কৰিব!

 চৌধুৰীয়ে এই কথাবোৰ বিশ্বাস নকৰে। এইটো হেনো একৰকমৰ বেমাৰ! মই হেনো কথাবোৰ বেছিকৈ ভাবোঁ!

 “তেনেহ’লে বাজি মাৰিব?”

 “কিমান টকাৰ?”

 “আপুনিয়েই কওক।”

 “দুশ টকাৰ। হ’বনে?”

 “হ’ব।”