এক
প্রাণত আজি উঠিল বাজি কোন ব্যাকুলৰ আকুল বাঁহী? জীৱন জুৰি ভুবন ভৰি বাজিছে সেই আকুল বাঁহী। মন আকুল তৰণী আকুল আকাশ, আকুল বতাহ, আকুল ধৰণী কি যে হৃদয় জুৰি সুৰৰ মাজে' অগ্নি-কুসুম উঠিছে ভাহি আজি মধুৰ হেমন্ত ;-
প্রাণত কিহে জগাই তােলে স্মৃতি অনন্ত? কিবা হুখে ধৰে চেপি হৃদয়ৰ মােৰ পিচল হাঁহি মােৰ কণ্ঠ আজি হীন তােমাৰ সুৰত নুঠে বাজি মােৰ ই পুলক-বীণ। এই হৃদয় বীণা বজোৱাঁ, নাথ তােমাৰ সুৰে' আপুনি আহি।
১৯২৩
দুই
বাজিছে নীৰলে আশাৰ মােহন মুৰলী পৰাণে; ফুলিছে এপাহি হিয়াৰ কুসুম ই মহা মিলনে। আবেগ-অমুৰি সঘনে সহিব নােৱাৰে পৰাণে- কিহৰ তুলিৰে হিয়াত ছবিটি উঠিছে যতনে হিয়াৰ তলিত মিলন-মাধুৰী আপুনি বিস্তাৰে; তেওঁৰ সন্তান, দীক্ষিত তেওঁৰে প্ৰেমৰ মন্ত্ৰেৰে।
ঢালিছে হিয়াত ৰঙেৰে, সঙ্গীত সুশান্ত সুৰেৰে ; জিৰাওঁ শান্তিৰ বাহুৰ ছাঁয়াত আমিও সুখেৰে। উদাস-ছন্দেৰে প্ৰাণৰ ভটিমা গাইছে সন্তানে ; বৰষাঁ কৰুণা আনন্দ-চিতেৰে- দুখানি চৰণে।। জীৱন-কর্তব্য কাৰণে কৰাঁহি সজাগ স্মৰণে- স্মৃতিৰ পাদুকা কৰাঁহি থাপনা হৃদয়-আসনে।
১৯২৮