পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সফুৰা
 

তিনি

তোমাৰ মঙ্গৰ-আশিস্‌-আশাৰে
 মিলিছোঁ সৱে উলাহেৰে;
মিলন-অৰ্ঘ্য পুষ্প-অঞ্জলি
 দিছোঁ সঘনে কৰযোৰে।
যাচিছে তোমাৰ অবোধ সন্তানে
 অতি হেঁপাহেৰে ভকতি-দান,
নকৰাঁ বঞ্চিত চৰণ-ছাঁয়াৰ, -
 এয়েহে আমাৰ উদাৰ-গান।
অন্ধ দুচকু,-জ্ঞান-জেউতি
 দিয়াঁ কৰুণা-আশিসেৰে;
দিয়াচোঁ তোমাৰ ভক্তি-অমিয়া,
 পিওঁচো সৱে উলাহেৰে।
সত্য-সুন্দৰ, সুষ্টি-গাৰিমা

   

 নুবুজোঁ একোকে আমি তোমাৰ
পৰশি প্ৰাণত জ্ঞানৰ কিৰণ
 দেখুৱাঁ জীৱন-লক্ষ্য আমাৰ।
নিদিয়াঁ, নালাগে যশস্যা-গৌৰৱ,
 নালাগে অনিত্য বিভূতি-মান;
তোমাৰ চৰণ-ৰেণু-প্ৰসাদত
 নাচক আমাৰ মন-পৰাণ।
অন্ধ দুচকু, জ্ঞান-জেউতি
 দিয়া কৰুণ-আশিসেৰে;
দিয়াচোঁ তোমাৰ ভক্তি-অমিয়া,
 পিওঁচো সৱে উলাহেৰে।
মিলন-অৰ্ঘ্য, পুষ্প-অঞ্জলি
 দিছোঁ সঘনে কৰযোৰে।

১৯১৭

চাৰি

আজি-পৱন ভৰি গগন চৰি
  কাৰ গীতৰ তৰী
 আহে ৰিণি ৰিণি ৰিণি?
বনে বনে মনে মনে সুৰ লহৰী
 আহে ৰিণি ৰিণি ৰিণি
 মেঘৰ আঁৰত পাতি কোলা
 ৰাখিছে কাৰ দুৱাৰ মেলা?
প্ৰাণত কোনে ঘনে ঘনে চলায় ভৰি,
 আহে ৰিণি ৰিণি ৰিণি

   

কোন সৰগৰ পৰা নামি অশিস্‌-ছাঁয়া
 আহে ৰিণি ৰিণি ৰিণি?
কোন দেৱতাৰ চৰণ চুমি সুৰৰ মায়া
 আহে ৰিণি ৰিণি ৰিণি?
 ই মহা উছৱ-দিনা
 উঠে বাজি জীৱন-বীণা
তাৰ সুৰতত উটি আহে কাৰ
  মোহন তৰী?
 আহে ৰিণি ৰিণি ৰিণি

মাৰ্চ ১৯২০