পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উহুৰ্গা বসন্তৰ পূৱতীৰ মনোৰম সপোনৰ দৰে সোণৰ শৈশৱ আৰু পোনৰ যৌৱনৰ মানস-নিকুঞ্জত ভূমুকি মাৰি যোৱা চিৰসুন্দৰ অতিথিসকলৰ পৱিত্ৰ স্মৃতিত এই গীতৰ তৰী দিলোঁ এৰি, টিঙত আজি বহে প্ৰাণৰ তৰুণ বৰাগী! মোহন কাণ্ডাৰী? বায়ু-লহৰ ফালি যায় মোৰ বায়ুত তোলে হেন্দোলনি, তৰী সুৱাগী উতল লহৰী॥ যৌৱনৰ এই ফুলাম তৰী, টৌ খেলি মোৰ তৰণী যায়, মহাননন্ত লক্ষ্য কৰি আপুনি নাও দিব চপাই আকাশ মাজত মহাবেগ জীৱন-ঘাটে আহি তুলি দিলোঁ তিয়াগি। নিব অভাগী। মাৰ্চ, ১৯২০ ঘাইকৈ স্কুলকলেজৰ বিভিন্ন উপলক্ষে ৰচা এই গীতবোৰত প্ৰাণ সঞ্চাৰ কৰিছিল গন্ধৰ্ব লোকৰ কেশৱচন্দ্ৰ ভট্টাচাৰ্য্য, ফণীধৰ ঠাকুৰ, গুণীন্দ্ৰনাথ বৰুৱা, ইন্দ্ৰকান্ত সন্দিকৈ আৰু বৰ্তমান শ্ৰীযুক্তসকল প্ৰফুল্লচন্দ্ৰ বৰুৱা (এম.পি.), শাৰঙ্গধৰ ৰাজখোৱা (বি.এ), প্ৰতুলচন্দ্ৰ চক্ৰবৰ্তী (বি.এ.), পাৰ্বতিপ্ৰসাদ বৰুৱা (বি.এ.), যোগকান্ত বৰুৱা (বি.এ.) প্ৰভৃতিয়ে। পোনতে ছপাব খোজোঁতে “সঁফুৰাত চকু ফুৰাই দিছিল স্বৰ্গীয় চন্দ্ৰকুমাৰ আগৰৱালা আৰু বাণীকান্ত কাকতী (পি.এইচ. ডি.) আৰু শ্ৰীপদ্মধৰ চলিহা (এ.এ, বি.এল.) দেৱে। শৈশৱৰ অন্যতম সুহৃদ সুগায়ক শ্ৰীনবীনচন্দ্ৰ শমহি “হৃদয় দিয়া বুৰাই নতুন প্ৰেমৰ বানেৰে” গীতটি ১৯২০তে এখন প্ৰথম অসমীয়া ৰেকৰ্ডৰ যোগে প্ৰচাৰ কৰিছিল। হিয়াভৰা কৃতজ্ঞতাৰে সদৌকে পুনৰ সুমৰণ কৰিছোঁ। গুৱাহাটী, বহাগ বিহু। ডিম্বেশ্বৰ নেওগ ১৮৮৬ শংক