পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষ কবিতা


কবিতাবোৰ শেষ হ’ল
সন্ধ্যাৰ নীল আকাশৰ অস্ত বেলিৰ সৈতে
কবিতাবোৰ সাঙুৰি মেঘৰ মাজত বিলীন হ’ল
বুকুখন উকা হ’ল
অনুভূতিবোৰ মৰহি গ'ল
জীয়াব খোজা কবিতাবোৰ
এটি এটিকৈ অসীমৰ বুকুত জাহ গ’ল
শূন্য অনুভৱ আজি
অনুকম্পাবিহীন
শিললৈ ৰূপান্তৰিত হৈছে হৃদয়
জী নুঠে আৰু কাহানিও এই মৃত অনুভূতি
হৈ পৰিছো এটি নিৰ্জীৱ মৃতদেহ মই॥

এখন উমাল চাদৰ/২৪