সমললৈ যাওক

পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দুখনিদ্ৰা


শব্দবোৰ শুইছে
ক্লান্ত সিহঁতৰ আত্মা
কাহানিও আৰু কোলাহল নকৰে
চূৰ্ণ বিচূৰ্ণ হৈ পৰি ৰোৱা
অৰ্ধমৃত সময়বোৰ
কোনে পাহৰিব পাৰে একালৰ
সিহঁতৰ গোজৰণিবোৰ...
আৰু শব্দবোৰ?
প্ৰতাৰণা সিহঁতেই কৰিলে
কিন্তু এতিয়া চাৰিওপিনে মৰিশালীৰ নীৰৱতা
ৰৈ গ'ল মাথোঁ শূন্য দৃষ্টি॥

এখন উমাল চাদৰ/২৫