এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নৈশৰ চহৰখন
দুপৰ নিশাৰ কোলাহল শূন্য বাট
খোজৰ গহীন আঁচোৰ
অহংকাৰী চহৰখন শুই পৰিছে
হৈ পৰিছে শিশুৰ দৰে অবোধ
সৰলতাই বেৰি ধৰিছে চাৰিওদিশ
সকলোৱে শুই নিঃপালি দিছে
ধনীও শুইছে
দুখীয়াও শুইছে
ভিক্ষাৰীও শুইছে
ৰাস্তাৰ কুকুৰো শুইছে
তেন্তে দিনৰ দপ্দপনিবোৰ ক’ত?
ক’ত লুকাল?
ক’ত হেৰাল?
নে নৈশৰ শকতিয়ে তাক ধুৱাই লৈ গ’ল?
সত্যতা নাজানো
কিন্তু বিচাৰো এই নিশাৰ দৰে হাজাৰটা নৈশ
যিয়ে গ্ৰাস কৰিব পাৰে দিনৰ অহংকাৰ
বিলাব পাৰে টোপনিত মগন মানুহৰ দৰে শিশুৰ সৰলতা
নাই, তাতোকৈ বেছি একো আশা নকৰোঁ।।
এখন উমাল চাদৰ/২৩