পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিৰোনামবিহীন কবিতা


কবিতাৰ শিৰোনাম
কি দিম?
কি লিখিম?
সকলোবোৰচোন হেৰাই গ'ল
অস্ত বেলিৰ শেষ পোহৰৰ দৰে
মৰহা পাতৰ দৰে কথাবোৰ
ক'ৰবাতেই পৰি ৰ'ল।

সপোন দেখিছিলো সুখী হ’ম বুলি
ডাৱৰৰ দৰে যে সিও উৰি গ'ল
ৰৈ গ'ল মাথোঁ উকা হাত দুখনি
বাটে বাটে বেজাৰৰ টোপোলাবোৰ পাওঁ
তাৰ বিষাক্ত দংশনত কেঁকাও
মনৰ বগলীবোৰ কেনিনো উৰা মাৰে
গমকে যে নাপাওঁ॥

এখন উমাল চাদৰ/২২