পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন উমাল চাদৰ


বৰষুণে ধুওৱা
শীতৰ সেমেকা এটি সন্ধ্যাত
জৰ্জৰিত এটি প্ৰাণ
চকুদুটিত ধুনীয়া পৃথিৱীৰ সপোন
মৰহি যাব খোজে
তথাপিও মৰহা নাই
জীয়াই থকাৰ সিয়েই একমাত্ৰ গান।
জাৰত ঠেৰেঙা লাগি
সপোন দেখে এখন উমাল চাদৰৰ
চাদৰখনে তাক মাতৃৰ বুকুৰ উষ্ণতা দিব
দিব আৰু অযুত তপত আলিংগন
পাহৰাই তুলিব।
সি যে মাথোঁ পদপথত পৰি ৰোৱা এটি অৰ্ধমৃত জীৱ
ৰচিব সি বহুতো কল্পনাৰ মধুৰ ক্ষণ
ডাঙৰ মানুহৰ বাবে সেয়া যে এক নগণ্য সপোন
কিন্তু তাৰ বাবে তাক মৰম দিব পৰা
একমাত্ৰ সেই উমাল চাদৰখন॥

এখন উমাল চাদৰ/২১