সমললৈ যাওক

পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেম - এক নিমিলা অংক

প্ৰেমৰ মুকুতাৰে গঢ়া
অচিন সাঁথৰবোৰ
অভেদ্য হৈয়েই ৰ’ব
কথাৰ আঁত হেৰুওৱা
জটিল প্ৰশ্নবোৰত
ভালপোৱা জাগিব
ব্যাখ্যা বিচাৰি নাযাবা
এই অসহজ অনুৰাগৰ
প্ৰশ্নবোধক হৈয়ে ৰ’ব
কাৰণ, ‘প্ৰেম বৰ জটিল’
বুজিবা সময়ত
ই যে এক বৃহৎ
নিমিলা অংক॥

এখন উমাল চাদৰ/১৮