সমললৈ যাওক

পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অ’ নাৱৰীয়া


অ’ নাৱৰীয়া
বঠা বাই যোৱা
আবেলি ৰ’দৰ সোণবৰণীয়া পানীত
কি যে মায়াময় ছবি অংকন কৰা
চঞ্চল ঢৌৰ সৈতে হেৰোৱা সময়
দুয়োযেন বৰ সখি এৰা-এৰি নহয়
অ’ নাৱৰীয়া, লৈ যোৱা মোক আজি দূৰ দিগন্তলৈ।
আকাশ বেলিৰ মিলনৰ মধুৰ ক্ষণত
বিচাৰি যাম হেৰোৱা অতীতৰ ঠিকনা বিচাৰি
গভীৰ হ’ব ধৰা নদীৰ বুকুত নাও মেলি
অ’ নাৱৰীয়া, বঠা বাই যোৱা
ঘূৰাই বিচাৰো পুনৰ উটাই দিয়া অনুভূতিৰ আখলটি॥

এখন উমাল চাদৰ/১৯