সমললৈ যাওক

পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাটৰুৱা
এখুদ মৰম
হেঁপাহৰ উমেৰে বান্ধি
কালৈ থওঁ মই?
নিৰ্জন জীৱনৰ
এটি গহীন দুপৰীয়াত
ক’লৈ কোজ লওঁ মই?
স্মৃতিৰ বৃহৎ পেৰাটো
খুলি থৈ আজি
খোজ দিছোঁ অসীমৰ বুকুত অকলশৰে
নাই, লৈ যাব বিচৰা নাই
মই আজি কাকোকে
শূন্য বুকু
উদং সঁহাৰি
কাৰোৰে নাই
মই মাথোঁ আগুৱাই যাব বিচাৰোঁ
যাওঁ আগুৱাই
কাৰণ, নিৰ্জন জীৱনৰ এই গহীন দুপৰীয়াত
অকলশৰীয়া বাটৰুৱা মই॥

এখনি উমাল চাদৰ/১৬