পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১১১
 


নাই তাক জানিবৰো আগ্ৰহ কৰা নাই। এইবাৰ মই ক্ষুণ্ণ হʼলো— দিব লাগে দিছে। পিন্ধাৰ পাছত কেনে হৈছে টানি-টুনি চাবতো পাৰে! মুখেৰে কিন্তু একো নক’লো। অৰ্থহীন অভিমান।

 তাৰ পাছত এদিন মই আনদিনাতকৈ সোনকালে অফিচৰ পৰা উভতি আহিলো। মালাই টিভিত ধাৰাবাহিক চাই আছিল। সামান্য আশ্চৰ্য প্ৰকাশ কৰি সুধিলে- আ, আজি দেখোন সোনকালে? কিবা স্পেচিয়েল প্ৰগ্ৰাম?

 - নাই, কি স্পেচিয়েল প্ৰগ্ৰাম থাকিব? অফিচত কাম নাছিল বাবে গুচি আহিলো। একাপ চাহ খাম।

 মা ওচৰতে আছিল। ক'লে— চাহকাপ ময়েই কৰি আনো ৰ। মালাই আকৌ এইখন ছিৰিয়েল চাই বৰ ভাল পায়। চাওক। তুমি খাবা নেকি মালা?

 তাই চকু টিভিত নিবদ্ধ কৰি ক'লে— নাখাওঁ।

 মায়ে মোক চাহ আনি দিলে। মোৰ প্ৰয়োজন পূৰ হ’ল। কিন্তু মনটোত অভিমান হ’ল ছিৰিয়েলখন ইমানেই প্ৰিয়নে যে তাৰ আগত মোৰ এই ‘সোনকালে অহা'টোৰো কোনো মূল্য নাই! মনে মনে ভাবি আছিলো যে চাহ খাই মই মালাক লৈ ওলাই যাম সন্ধিয়াৰ আন্ধাৰত। এনেদৰে আন্ধাৰৰ মাজত আমি বহুদিন ফুৰা নাই। কিন্তু তাইৰ ছিৰিয়েলত মনঃসংযোগ আৰু মালাৰ পৰিৱৰ্তে মায়ে চাহ আনি দিয়া দেখি মনটোৱে ইমান বেছি বিদ্ৰোহ কৰিলে যে চাহ খাই উঠি মই এক মুহূৰ্তও ঘৰত নাথাকি ওলাই আহিছিলো। পাছত অইন কাৰোবাৰ আগত মালাই আক্ষেপ কৰি কোৱা শুনিছিলো—‘সোনকালে অহা দেখি মনটো ভাল লাগি গৈছিল। কিমান দিন যে মই তেওঁৰ স’তে ফুৰিবলৈ ওলাই যোৱা নাই! সোনকালে আহিছে যেতিয়া তেওঁতো মোৰ কথা ভাবি মোক এপাক ফুৰাবলৈ নিবলৈকে সোনকালে আহিছে বুলি ক'ব পাৰিলেহেঁতেন!' মালাৰ মনৰ ভাব মই শুনিলো যদিও প্ৰত্যুত্তৰত মই একো নক'লো; কাৰণ তেতিয়া কিবা কোৱা মানেই অযথা বাক-বিতণ্ডা। মনে মনে থাকিলো। আৰু এনেকৈয়ে হৃদয়ৰ পৰা হৃদয়ৰ দূৰত্ব বাঢ়ি গৈ থাকিল। আমি দুয়ো বুজিলো, কিন্তু আত্ম-অভিমানত ওফন্দি থাকি আমাৰ এজনেও এই দূৰত্ব শেষ কৰিবলৈ যত্নপৰ নহ'লো। মাজে মাজে এই নীৰৱ দূৰত্বক একোটা ৰূঢ় শব্দৰ প্ৰয়োগেৰে আমি প্ৰকাশ কৰিবলৈ ধৰিলো। ঘৰৰ কোনেও টলকিব নোৱৰাকৈয়ে দুয়ো দুয়োৰে প্ৰতি আক্ৰোশ প্ৰদৰ্শন কৰোঁতেও আমি ক'ব নোৱৰাকৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰিছিলো, যাতে কথাটো তোমালোকৰ চকুত নপৰে।