পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০ • একুৰি এটা গল্প
 


মজিয়াত থিয় দিব লাগিব। যিটো আমি নিবিচাৰো। আমি দুয়ো ইজনে সিজনক লোকচক্ষুৰ আগত হেয় হোৱাটোও নিবিচাৰো আৰু একেলগে থকাটোও সম্ভৱ নহয়। সেয়ে সিদ্ধান্ত লৈছো বেলেগ হোৱাৰ। কালি মালা মোৰ ওচৰৰ পৰা গুচি গল। নিজৰ প্ৰয়োজনীয়খিনি মাত্ৰ লগত নিছে। মই কৈছো, ‘আগলৈ প্ৰয়োজন হলে, ইয়াত তোমাৰ কিবা বস্তু থাকিলে আহি লৈ যাবা। মাত্ৰ বস্তু নিবলৈহে হয়তো কেতিয়াবা আহিব, নাহিবও পাৰে। দেউতা, মালা ওলাই যোৱাৰ পৰত খং, বিৰক্তি, দুখ— একোৱেই নাছিল। বৰ সহজভাৱেই তেওঁ ওলাই গ'ল। মাত্ৰ যাবৰ পৰত তোমাৰ আৰু মাৰ যুগ্ম ফটোখন নিবলৈ খুজি কৈছিল— 'নিজৰ মা-দেউতাৰ লগতে এওঁলোককো মই সমান স্থানতে ৰাখিছিলো। প্ৰয়োজন হলে তুমি নতুনকৈ এখন বন্ধাই ল’বা। এইখন মই নিওঁ। ' মই ওজাৰ সন্মুখৰ সাপডালৰ দৰে হৈ ফটোখন গজালৰ পৰা নমাই ধূলি মচি পেপাৰ এখনেৰে বান্ধি হাতত তুলি দিছিলো। অট'ত উঠি যাবৰ পৰত তাই মূৰটো উলিয়াই কৈছিল— ‘মাজে মাজে মন গলে ফোন কৰিবা। কেতিয়াবা হয়তো ময়ো কৰিম। যাওঁ দেই....। ' ধূলি উৰুৱাই অট’খন যোৱাৰ পাছত দেখোন মোৰ মনটো উদাস উদাস লাগিছিল! অকলশৰীয়া ঘৰটোৰ মাজত সোমাই মই যেন শূন্য উপলব্ধি কৰিছো। মালাৰ অবৰ্তমানত চিনেমাৰ ৰীলৰ দৰে মোৰ মন দৰ্পণত মালাৰ প্ৰতিটো কথা বাগৰিবলৈ ধৰিলে। এই মুহূৰ্তত মন দাপোণত মালাৰ সন্ধানৰ জানো কিবা লাভ আছে?

 সেইটো আছিল নৱেম্বৰ মাহ। মালা বৰুৱা সকলো কামতে যেনেদৰে পাকৈত, তেনেদৰে হস্তকৰ্মতো। ঠাণ্ডা আগতীয়াকৈ আহিছে যেন দেখি মালাই পূজাৰ পাছতেই আৰম্ভ কৰা ছুৱেটাৰটো লৰালৰিকৈ শেষ কৰি মোক দি কৈছিল— ‘হুঁ। পিন্ধি চোৱাচোন। মা ওচৰতে আছিল। ক'লে— বৰ ভাল হৈছে বোপাই, পিন্ধচোন চাওঁ। মই নিপিন্ধিলো। ক'লো- জোখ-মাপ লৈ লৈয়েই গুঠিছা যেতিয়া ঠিকেই হ’ব। পাছত পিন্ধিম। মই অন্য একো ভবা নাছিলো। মালা ভিতৰি ভিতৰি ক্ষুণ্ণ হৈছিল। তাৰ উমান পাইছিলো মাৰ লগত হোৱা কথোপকথন শুনি। এখন ঘৰৰ প্ৰায়বোৰ কাম নিয়াৰিকৈ শেষ কৰি এটা ছুৱেটাৰ গোঁঠোতে বহু কষ্ট হয়। সেইখিনিৰ লগতে কামটো সমাপন কৰিবলৈ থাকে সীমাহীন ভালপোৱা আৰু দায়িত্ববোধ। মই হেনো সেইখিনি অনুভৱ নকৰিলো। গুঠি শেষ কৰাৰ লগে লগে সৰু ল'ৰা-ছোৱালীৰ দৰে হুলস্থূল কৰি গাত সুমুৱাই নোচোৱাটোৱে জানো তাকেই বুজায়? তাৰ পাছত তাই কোনোদিনে মই ছুৱেটাৰটো পিন্ধিলোনে নাই খৰৰ কৰা নাই। কোনোবা এদিন যদি পিন্ধা দেখিছেও তাই গাত ভালদৰে ‘ফিটিং’ হৈছেনে