পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১২ • একুৰি এটা গল্প


যোৱাবাৰ পূজাত বহু আলহী আহিছিল আমাৰ ঘৰলৈ। সকলোৱে মোৰ নৱ বিবাহিতা পত্নীক ভাল বুলি শলাগিছিল। বিভিন্ন কথাৰ মাজতে এজনীয়ে মালাক সুধিছিল— পূজাত তোমাক দাদাই কি দিলে বৌ?

 -কোনে? দাদাৰাই? ব্ৰহ্মাণ্ড ওলট-পালট হ'ব।

 -ইস্! মিছা নামাতিবা। এনেকৈ কৈছা যেন দাদাই তোমালৈ একোৱেই নানে? সঁচাকৈয়ে কোৱাচোন....।

 মালাই সেমেনা-সেমেনি কৰি কৈছিল—নহয়। মানে আনে আৰু কিবা কিবি। এইবাৰ একো অনা নাই। আনিব চাগৈ।

 -তুমি সঁচাই কৈছা? ইস্, দাদাটো এতিয়াও বাৰু ইমান ‘বেল' হৈ আছেনে? আমাৰ লক্ষ্মী বৌজনীক পূজাৰ গিফ্‌ট এটা দিওঁতেই ইমান দেৰি? ৰ'বা, মই ক'ম তাক....।

 মোৰ পেহীৰ ছোৱালী নন্দাই মালাৰ স’তে ওপৰৰ কথাখিনি পাতি পাছত মোক কিবা ক'ম বুলি কৈছিল যদিও পূজাৰ উখল-মাখলত সেয়া কোৱা হৈ নুঠিল। পৰিৱৰ্তে অষ্টমীৰ দিনা ৰাতি, যেতিয়া শুবলৈ যোৱাৰ আগতে সদায় মই বাতৰি কাকত দুখন মনোযোগেৰে পঢ়ো, তেতিয়াই মালাই কৈছিল—সকলোৱে সুধি আছে পূজাত কি লৈছো বুলি। তুমিতো মোক কিবা এটা আনি দিব পাৰা!

 বাতৰি কাকতৰ পৃষ্ঠা লুটিয়াই মই কৈছিলো— কিবা লাগিলে তুমিয়েই আনি নোলোৱা কিয়? পইচা দেখোন সকলোখিনি তোমাৰ হাততেই আছে! কি লাগে তুমি আনি ল’বা আকৌ!

 -নালাগে, মোক একোৱেই নালাগে। ভগৱানে মোক যি দিলে সেয়াই আটিছে—বুলি তাই ধমহকৈ আঁঠুৱা দাঙি বিছনাত সশব্দে শুই পৰিল। মই ভাবি নাপালো। দৰমহাৰ সকলোখিনি পইচা মই মালাৰ হাততে দিওঁ। খৰচৰ ক্ষেত্ৰত মই কেতিয়াও হিচাপ ধৰাও নাই। তেনেস্থলত তাইক কিবা লগা থাকিলে তাই আনি নলয় কিয়? ঘৰৰ সকলোৰে, আনকি পাৰ্টটাইম কাম কৰা বাইজনীৰ কাপোৰ-কানিও মালায়েই কিনে। এইবোৰ বজাৰ কৰোঁতে তাই অকলেই যায়। অকল কাপোৰ-কানিহেনে? মোৰ আণ্ডাৰৱেৰ, পাৰফিউম, ছেভেন অ’ ক্লকৰ পেকেট, ছেভিং ক্ৰীম, হেয়াৰ ডাই, ব্ৰাছ, পেষ্ট— সকলোবোৰ মোৰ একান্ত ব্যক্তিগত বস্তুও ঘৰত মজুত থকাকৈ তাই আগতীয়াকৈ আনি থয়। তেন্তে নিজৰ বাবে কিয় নানে? মইতো কোনোদিনে সেইবোৰ কিনাও নাই আৰু নাজানোও।

 মালাৰ ঠেহবোৰ যেন দিনক দিনে বেছি হৈ গৈ থাকিল। মই ভাবিলো—