ফাঁক
সেউজীয়া ঘাঁহেৰে আবৃত আহল-বহল চোতালখনত বেতৰ হেলনীয়া
চকী এখনত অনন্ত বৰুৱা বহি আছে। দৃষ্টি তেওঁৰ সন্মুখৰ কংক্ৰীটৰ দেৱাল আৰু
অট্টালিকাৰ ওপৰেৰে গৈ আকাশৰ এচমকা শুকুলা মেঘত নিবদ্ধ। মেঘখিনিয়ে
যেন এটা ৰূপ লওঁ লওঁ বুলিও ল’ব পৰা নাই, ঠিক পল্লৱৰ দৰেই। গৰমৰ দিন।
ভাগ মাহ। প্ৰখৰ ৰ'দৰ শেষত আবেলিৰ সামান্য সকাহ। বস্তুৰ ছাঁবোৰৰ আকৃতি
হেৰাই আন্ধাৰত পৰিণত হ'বলৈ ওলাইছে। অনন্তৰ মূৰত এই আকৃতিহীন ছাঁবোৰৰ
দৰেই চিন্তাৰ বহু পাক। চিন্তাৰ কেন্দ্ৰবিন্দু একমাত্ৰ পুত্ৰ পল্লৱ। সৰুৰে পৰা সি বেছ
চোকা বুদ্ধিৰ আছিল। কিন্তু নিজৰ অধৈৰ্য চঞ্চল স্বভাৱৰ বাবে ক'তো সুনাম আৰ্জিব
নোৱাৰিলে। আজি কেইদিনমানৰ পৰা দেখা দিয়া তাৰ আচম্বিত পৰিৱৰ্তনে তেওঁক
আৰু বেছিকৈ ভবাই তুলিছে। অনবৰতে উদ্দেশ্যহীন কাৰ্যত ঘূৰি ফুৰা ল'ৰাটোৱে
প্ৰায় নিঃসংগৰ দৰে হৈ বন্ধ কোঠাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিছে। নিজৰ
ভৱিষ্যৎ সম্পৰ্কে কি ভাবিছে? তাক লৈ কৰা অনন্তৰ অংকবোৰ বাৰু ভুল হ'ল
নেকি? তেওঁতো তাৰ এটা শান্তিময় উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিয়েই সকলোখিনি
কৰিছিল। কিন্তু? টিভি, ক্ৰিকেট আৰু উদ্দেশ্যহীনভাৱে ঘূৰা এই সকলোবোৰ
বাদ দিয়াৰ লগতে লাহে লাহেচোন সি নিজৰ পৰিয়ালৰে বাকী সদস্যবোৰৰ পৰা
মুখ লুকুৱাব বিচাৰিছে! কিয়? বন্ধ কোঠাৰ মাজত কিহৰ সন্ধান?
এচপৰা আন্ধাৰ আহি অনন্তৰ চকীৰ ওচৰ পালে। তেওঁ মূৰ তুলি আন্ধাৰৰ উৎসৰ ফালে চালে— পল্লৱ। মুখেৰে একো নকৈ সি জাপি থোৱা কেইখিলামান কাগজ তেওঁলৈ আগবঢ়াই দিলে।
-কি এইবোৰ?
-পঢ়া। মই তোমালোকে ভবাৰ দৰে চলিব নোৱাৰো। সেয়ে সিদ্ধান্ত সম্পৰ্কে একো নক’বা।
– মানে?
-মানে মই মোৰ পথ নিৰ্বাচন কৰিছো। মই এই পথেৰেই আগবাঢ়ি যাম।
-মই বুজা নাই।
-সেই কাৰণেইতো এইখিনি পঢ়িবলৈ দিছো। ...অঁ, মই অকণমান