পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ঊষা-হৰণ

হৰি শিৰত পড়ি পৰিঘ প্ৰচণ্ড।
তেখনে ভৈলন্ত অস্ত্ৰবৰ খণ্ড খণ্ড॥
হৰি বিনে সহে কোনে ইহেন সন্ধান।
আন হৈলে দেখে সিটো যমৰ ভবন॥১৮৪
পবিঘ প্ৰহাৰ পাইয়া দেৱ নাৰায়ণ।
অনিৰুদ্ধ হাতে ধৰিলেক তেতিক্ষণ॥
শুনা সভাসদ ইটো কৃষ্ণৰ চৰিত্ৰ।
নাতিৰ আজোৰ যুদ্ধ তিৰীৰ নিমিত্ত॥১৮৫
বাসুদেৱ কাম সুত একই শৰীৰ।
দুইও বিচ্ছেদ ভৈলা নিমিত্তে তিৰীৰ॥
অনো সব সামান্যৰ কি কহিব কথা।
নাৰীৰ নিমিত্তে হয় অনেক অৱস্থা॥১৮৬
ইটো মায়া মোহ এড়ি কৰা একমতি। .
তেবেসে বাঢ়িবে কৃষ্ণ-চৰণে ভকতি॥
জানিয়া কৃষ্ণৰ পদ হৃদে কৰা সাৰ।
ৰাম ৰাম বুলি কৰা পুৰুষ উদ্ধাৰ॥১৮৭