পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ঊষা-হৰণ

হেন কালে অনিৰুদ্ধ সমীপ চাপিলা।
কৃষ্ণক দেখিয়া বীৰ গৰ্জিক লৈলা॥
ছল কৰি মােক তঞি বনক পঠায়া।
মায়া কৰি মাতি আনিছস মােৰ জায়া॥১৭৯
গােকুলত নথাকিল গােৱালৰ নাৰী।
এহি তােৰ ধৰ্ম্ম পৰ নাৰী কৰা চুৰি॥
আপােনাৰ ধৰ্ম্ম পত্নী এড়িয়া সকল।।
পৰ ধন পৰ নাৰী হৰিতে বিকল॥১৮০
মোৰ নাৰী চুৰি কৰি আনিলি নিলাজ।
তাৰ ফলে যাস আজি যমৰ সমাজ॥
এহি বুলি অনিৰুদ্ধ কোপে ধায়া গৈলা।
কুমাৰৰ কোপে হৰি সচকিত ভৈলা॥১৮১
সঙ্কোচিত হৈয়া হৰি কাকূতি কৰয়।
এক বাৰ দোষ ক্ষমা কৰা মহাশয়।
কাম বেগে হৰিলোহো তােমাৰ যুৱতী।
সংসাৰত মোত পৰে নাহিকে দুৰ্ম্মতি॥১৮২
নামানে কাকূতি বীৰ ক্ৰোধে আসে ধাইয়া।
দেখি অন্তৰিল হৰি উষাক এৰিয়া॥
কোথা যাস বুলি ধাইয়া গৈলা ক্ৰোধ হৈয়া।
পৰিঘৰ কোব দিলা দশন চোবায়া॥১৮৩