সমললৈ যাওক

পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ঊষা-হৰণ।
অনিৰুদ্ধৰ শ্ৰীকৃষ্ণৰ লগত যুদ্ধ।
দুলড়ী।
 

যুঝে দুই বীৰ   ক্ৰোধিত শৰীৰ
  প্ৰমত্ত মাতঙ্গ প্ৰায়।
ধৰি দুই জনে   হানয় সঘনে
  মুষ্টি যেন বজ্ৰময়॥
পাৱে পাৱে ছান্দি   ধৰিলন্ত বান্ধি
  যেন যুঝে গজ ৰাজে।
আন্দোল আষ্ফাল   দুয়োৰো ঘঞ্চাল
  মাংস হেতু যেন বাজে॥১৮৮
চৱৰ চাপৰ   ভুকু কিল লাথি
  মাৰে নাহি দুইৰো ক্ষমা॥
গিৰিৰ শিখৰে   যেন বজ্ৰ পড়ে
  দুইও যুঝে অনুপমা॥
দুইকো দুইজন   ছিদ্ৰ চাহে ঘন
  দুইকো দুই বলে মাৰ।
উঠে পড়ে ঘন   প্ৰহাৰে চৰণ
  অনিৰুদ্ধ নামোদৰ॥১৮৯