সমললৈ যাওক

পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ঊষা-হৰণ।

গোকুলে আছিলা তুমি হৈয়া যে গোৱাল।
পৰনাৰী হৰিতে তোমাৰ গৈল কাল॥
এবে কুল বধূ হৰি কৰিলি কু-যশ।
ইসব সুমৰি কেনে মৰিয়া নাযাস॥১৭৪
কামে অন্ধ হৈয়া তই নেদেখাহা বাট।
সৰ্ব্ব কালে নুগুচিল তোৰ কূটনাট॥
জাতি কুলাচাৰ কিছু নাহিকে বিচাৰ।
গোৱাল কুলৰ হেন নাহি ব্যৱহাৰ॥১৭৫
ছদ্মবেশে আসি কৰিলিহি ব্যভিচাৰ।
নাতিৰ হৰিলি নাৰী দুষ্ট দুৰাচাৰ॥
কান্দে ঊষা সতী কি কৰিলা নাৰায়ণ।
তোত তিৰী বধ দিয়া ত্যজিবো জীৱন॥১৭৬
ষোড়শ সহস্ৰ তোৰ আছয় যুৱতী।
তথাপি পাপিষ্ঠ তোৰ ক্ষমা নাহি মতি॥
আপুনি আপোন তই চিন্তিলি মৰণ।
এহি বুলি ঊষা সতী কৰয় ক্ৰন্দন॥১৭৭
কৰি বোলে শুনা ঊষা নুদুষিবা মোক।
কুকৰ্ম্ম কৰিছো আৰু ক্ষমা কৰিয়োক॥
আৰু এক কথা ঊষা শুনাহা আমাৰ।
মোহোক মাৰিতে আছে শকতি কাহাৰ॥১৭৮