পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ঊষা-হৰণ।

অধৰ চুম্বন কৰি স্তনৰ মৰ্দ্দন।
ষােড়শ শৃঙ্গাৰ কৈলা আনন্দিত মন॥
গুচাইলা কাচুলি স্তন ভৈলন্ত উদাস।
হৃদয় চাপিয়া ধৰে জগত নিবাস॥১২৮
জঙ্ঘাৰ বসন দূৰ কৈলা নাৰায়ণ।
কাম থান দৰিশিয়া আনন্দিত মন॥
গলত ধৰিয়া মুখে কৰিলা চুম্বন।
মহা আনন্দিত মনে দেৱ নাৰায়ণ॥১২৯
অধৰে অধৰ দিয়া বুকে দিয়া স্তন।
মন সুখে ৰতি ভুঞ্জে দৈৱকী নন্দন॥
খসিলা নিবন্ধ খােপা ছিণ্ডে হেমহাৰ।
দুইৰো মুখে ঘন শ্বাস মদন বিকাৰ॥১৩০
নানাবিধ বন্ধে দুইৰো মনক পূৰিলা।
দুইৰো দুহানত মন বিমােহিত ভৈলা॥
ৰতি অৱসানে ভৈলা সন্তোষী হৃদয়।
শ্ৰমে বিয়াকুল ঊষা ভৈলা অতিশয়॥১৩১
হাত মেলি বান্ধি আনি হৰিক ধৰিলা।
কৃষ্ণে বুকে বুক দিয়া কোলাত বসিলা॥
ঊষাৰ বদন হৰি মুছিলন্ত কৰে।
ৰতি ৰসে চুম্বিলা বদন শশধৰে॥১৩২