পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
ঊষা-হৰণ।

কৈলা মনােৰথ সিদ্ধি দেৱ দামােদৰ।
নিৰ্জনে ভুঞ্জিলা ৰতি বনৰ ভিতৰ॥
নিজ সুখে দুইও জনে থাকিলন্ত তথা।
মন দিয়া শুনা কহোঁ কুমাৰৰ কথা॥১৩৩

⸺⸺⸺⸺
 

অনিৰুদ্ধৰ ঘৰলৈ প্ৰত্যাগমন।

পদ।

হৰিৰ আদেশে বীৰ কামৰ কুমাৰ।
একেশ্বৰে মৃগ মাৰে বনৰ ভিতৰ॥
পশু মাৰি ফিৰিলেক কামৰ নন্দন।
আপােন শৰীৰে দেখে অশুভ লক্ষণ॥১৩৪
আকুল কৰয় চিত্ত ফন্দয় নয়ন।
দুই বাহু ফন্দে আৰু উভয় চৰণ॥
অশুভ লক্ষণ দেখি কামৰ নন্দন।
ঘূৰি আইল মৃগয়াৰ ত্যজিয়া গহন॥১৩৫
ধনু শৰ এড়িয়া পশিল অভ্যন্তৰ।
প্ৰবেশ কৰিলা গৈলা নিজ বাস ঘৰ॥