পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ঊষা-হৰণ

কদম্ব গুলঞ্চ ফুলি আছে শাৰী শাৰী!
ফুটি আছে স্থল পদ্ম বৰ্ণাইতে নপাৰি॥
মধু পান হেতু অলি আসিয়া যুটিছে।
ঘনে গুণ গুণ স্বৰে ঝঙ্কাৰি উঠিছে॥১২৩
মৌপিয়া বুলবুলী মধু খায় সবে।
ডালত কোকিলে ডাকে কুহু কুহু ৰবে॥
আম জাম কণ্টকী লেটেকু পনিয়াল।
খাজুৰ ডাড়িম্ব তাল বেল নাৰীকল॥১২৪
ফল ভৰে হালি আছে বৃক্ষ অগণন।
কল ৰবে ফল ভুঞ্জে যত পক্ষীগণ॥
শীতল মলয় বায়ু সঘনে বহয়।
সুন্দৰ নিৰ্ম্মল থান শোভে আতিশয়॥১২৫
মদন দুৰ্ব্বাৰ দেহ জৰ্জ্জৰ কৰয়।
ঊষাক ধৰিলা কোলে দেৱ দয়াময়॥
পিন্ধাইলা কুসুম আনি ঊষাৰ শিৰত।
বিজুলীৰ ছটা যেন শােভে গগনত॥১২৬
আপুনি পিন্ধিলা পুষ্প শিৰত দৈত্যাৰি।
অদভূত দেখি যেন দুই পুষ্প গিৰি॥
পুষ্পৰ সজ্যাত দুইও বসিয়া বিলাসে।
কমি কেলি বিৰচিলা দেব হৃষীকেশে॥১২৭