পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ঊষা-হৰণ।

নাসিকা পবন চাহি বঢ়াইলেক পাৱ।
প্ৰত্যেক্ষে শুনিলা জেঠি কাঢ়িলেক ৰাৱ॥৫১
হাতৰ অমৃত ঘট খসিয়া পড়িল॥
যুবতী নাৰীৰ বক্ষে কুম্ভ খসি গৈল॥
ঢোণ্ডা কাকগোট আসি ডালত যে পড়ি।
উড়ি গৈলা চিনিবাৰ কোৱা কোৱা কৰি॥৫২
ভূমিকম্প উল্কাপাত নিৰ্ঘাত পতন।
দক্ষিণে শৃগাল দেখিলেক তেতিক্ষণ॥
হেন মত নানাবিধ অমঙ্গল দেখি।
তথাপিতো যান্ত কৃষ্ণ চৰণক লক্ষি॥৫৩
এতেক বাধাক বাৰ মনে নধৰিয়া।
মনে গৰ্ব্ব কৰি যান্ত কিছু নকহিয়া॥
চলি যান্ত কুমাৰ হৰিসে হৰি পাশ।
কতক্ষণে পাইলা গৈয়া কৃষ্ণৰ আবাস॥৫৪
দ্বাৰত প্ৰবেশ ভৈলা বধ পৰিহৰি।
ধীৰে ধীৰে চলি গৈলা কৃষ্ণৰ নগৰী॥
শৰ চাপ অসি চৰ্ম্ম ৰথোপৰে থই।
কৃষ্ণৰ আগত উপস্থিত ভৈলা গই॥৫৫
আছন্ত গোবিন্দ সিংহাসনত বসিয়া।
চাৰি ভিতে পাৰিষদ আছে উপাসিয়া॥