পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ঊষা-হৰণ।

দূৰত দেখিলেক অনিৰুদ্ধৰ নিবাস।
সৰ্ব্বত্ৰ সুন্দৰ যেন দ্বিতীয় কৈলাস॥৪৬
সূৰ্য্যৰ কিৰণ যেন জ্বলে থানে থান।
পুৰন্দৰ পুৰী যেন অম্ৰাৱতীথান॥
এহিমতে দূত বৰ দেখে থানে থানে।
যাত্ৰাৰ সম্ভাৰ দ্বাৰা কৈলা বিদ্যামানে॥৪৭
গ্ৰহ নক্ষত্ৰাদি গণি দেখি শুভক্ষণ।
সুবৰ্ণৰ পূৰ্ণ ঘট কৰিলা স্থাপন॥
ফল ফুল সহকাৰে জলে পৰিপুৰ।
অগুৰু চন্দন গন্ধে সুগন্ধ প্ৰচুৰ॥৪৮
দধি দুৰ্ব্বাক্ষত দিলা যাত্ৰাৰ কাৰণে।
ঘৃতৰ প্ৰদীপ দিয়া শাস্ত্ৰৰ বিধানে॥
যাত্ৰাৰ যতেক কাৰ্য্য কৈলা বিদ্যমান।
শঙ্খ ভেৰী ঢাক ঢোল বজায় বাজন। ৪৯
দ্বিজগণে বেদ পঢ়ে ভাটে কৰে স্তুতি।
শুভক্ষণে যাত্ৰা কৰে গোবিন্দৰ নাতি॥
উৰুলি জোকাৰ দিলা বাণৰ কুমাৰী।
সুমঙ্গল উকলি দিলেক যত নাৰী॥৫০
দেৱক প্ৰণামি পাছে ঘট দিলা মাথে।
অনন্তৰে শঙ্খ ঘণ্টা পৰশিলা হাতে॥