পৃষ্ঠা:ঊষা-হৰণ (বৃষকেতু).djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ঊষা-হৰণ।

অৱনত হুইয়া অনিৰুদ্ধ যে কুমাৰ।
কৃষ্ণৰ চৰণ যুগে কৰি নমস্কাৰ॥৫৬
কৰযোড় কৰি পুছে ৰতিৰ তনয়।
মোক কিবা আদেশ কৰিবা কৃপাময়॥
অনন্তৰে গোপীনাথ আলিঙ্গন কৰি।
আসনে বসিতে আজ্ঞা দিলেক সাদৰি॥৫৭
মোৰ এক কাৰ্য্য বাপু, লাগে কৰিবাক।
সি কাৰণে দুত দিয়া আনিলো তোমাক।
কুমাৰ বোলন্ত প্ৰভু শুনা নাৰায়ণ।
আজ্ঞা কৰিয়োক নাথ মোক এতিক্ষণ॥৫৮
তোমাৰ প্ৰসাদে শঙ্কা নাহি ত্ৰিভুবনে।
কি কৰিতে পাৰে প্ৰভু দেবাসুৰগণে॥
কিবা শচীপতি দেৱ কৰিলে অহিত।
এহিক্ষণে বান্ধি তাঙ্ক আনিবো নিশ্চিত॥৫৯
কিবা ধৰ্ম্মৰাজ নপালিলেক বচন।
দূকে সমে বান্ধি আনো কৰিয়া যতন।
পাতাল পুৰৰ কিবা অধিপতিগণে।
তোমাৰ আদেশ কিবা নমানয় মনে॥৬০
আদেশ কৰিয়ো আাজি মোহোক এক্ষণে।
অনস্তক বান্ধি আনো গৈয়া এতিক্ষণে॥

 ২-